মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে উদ্বোধন কৰে সমাজ কল্যাণ বিভাগৰ অধীনস্থ সোণাপুৰ চৰকাৰী বৃদ্ধাশ্ৰমৰ নৱনিৰ্মিত আৱাস গৃহ

pc APN News

মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে উদ্বোধন কৰে সমাজ কল্যাণ বিভাগৰ অধীনস্থ সোণাপুৰ চৰকাৰী বৃদ্ধাশ্ৰমৰ নৱনিৰ্মিত আৱাস গৃহ

অনলাইন বাৰ্ত্তাসেৱা – তিনি কোটি পঞ্চাছ লাখ টকা ব্যয়ৰে সোণাপুৰত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে ডিগাৰু গেটত আটকধুনীয়াকৈ নিৰ্মাণ কৰি উলিওৱা চৰকাৰী বৃদ্ধ আৱাস গৃহটো শুভ উদ্ধোধন কৰে। ইয়াত দিয়া ভাষণত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে – ১৫ আগষ্টৰ দিনা পতাকা উত্তোলন কৰি কৈছিলো বছৰৰ সাতটা দিন নিজ মা-দেউতাৰ লগত সময় কটাবলৈ চৰকাৰী কৰ্মচাৰীক ৭ দিন ছুটী দিম বুলি কৈছো। বেচৰকাৰী প্ৰতিষ্ঠানৰ মালিকসকলকো কৈছো কৰ্মচাৰীক ছুটী দিবলৈ আৰু নিজেও লবলৈ৷ চৰকাৰৰ মন্ত্ৰী-বিধায়কসকলৰ লগতে ময়ো সাত দিন ছুটী ল’ম আৰু মাৰ সতে কটাম। কামাখ্যা, বৰদোৱা, কাজিৰঙা আদিত ফুৰাম আৰু আনন্দ প্ৰদানৰ চেষ্টা চলাম। এনে কৰিলে মনটো পৱিত্ৰ হৈ আহিব আৰু আমাৰ মানসিকতাও পৰিৱৰ্তন হ’ব বুলি তেওঁ কয়। এখন নতুন অসম গঢ়াৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে যে আন্দোলন কৰি নতুন অসম গঢ়িব নোৱাৰি। নতুন অসম গঢ়িব লাগিব কাৰ্যালয়ত এঘণ্টা বেছিকৈ কাম কৰি, মা-দেউতাক সন্মান কৰি বা কন্যা সন্তানক সুৰক্ষিত ভৱিষ্যতৰ দিশে আগবঢ়াই নিহে। এই চৰকাৰে সম্ভৱ বুলি নভবা বহু কাম এই পাঁচ বছৰত সম্পূৰ্ণ কৰিব। এক লাখ নিযুক্তি অসম্ভৱ বুলি ভাবিছিল কিন্তু আমি নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিলো। নতুন চৰকাৰে কার্যভাৰ লোৱা এশদিন সম্পূৰ্ণ হোৱাৰ দিনটোতে সমাজ কল্যাণ বিভাগে সোণাপুৰত চৰকাৰী বৃদ্ধ আৱাস সম্পূৰ্ণ কৰি পৱিত্ৰ কামৰে বিভাগটোৱে পৱিত্ৰতা দিছে। সমাজ কল্যাণ বিভাগে বহু সিদ্ধান্ত গ্ৰহণ কৰিছে শিশুসকলে যাতে পুষ্টিকৰ খাদ্য পাব পাৰে, দিব্যাংগসকলে যাতে সময়মতে পেঞ্চনৰ আঁচনিৰ ধন মাহৰ দহ তাৰিখে পায় তাৰ ব্যৱস্থাৰ লগতে বিভাগটোত খালী হৈ থকা পদসমূহত নিযুক্তিৰ প্ৰক্ৰিয়া আদিৰ বাবে নির্দেশনা দিয়া হৈছে। আনহাতে বিভাগটোৱে বকোৰ বামুনি গাঁৱত ৬০ বিঘা ভূমিত বৃদ্ধ আৰু শিশুসকলৰ বাবে অত্যাধুনিক আৱাস গৃহ এশ কোটি টকাৰ ব্যায়ত নিৰ্মাণ কৰা হ’ব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাই অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ অধীনস্থ সোণাপুৰ চৰকাৰী বৃদ্ধাশ্ৰমৰ নৱনিৰ্মিত আৱাস গৃহটি আনুষ্ঠানিকভাৱে উদ্বোধন কৰি ইয়াত বসবাস কৰা আৱাসীসকলৰ বাবে উৎসৰ্গিত কৰে।

(UD.)