মুখ্যমন্ত্ৰীৰ ব্যক্তিগত উচ্চাকাংক্ষাৰ স্বাৰ্থত অসমৰ ভূমি মেঘালয়ক গতাই দিয়াৰ সিদ্ধান্ত লৈছে হিমন্ত চৰকাৰে:অসম জাতীয় পৰিষদ

p.c- facebook

মুখ্যমন্ত্ৰীৰ ব্যক্তিগত উচ্চাকাংক্ষাৰ স্বাৰ্থত অসমৰ ভূমি মেঘালয়ক গতাই দিয়াৰ সিদ্ধান্ত লৈছে হিমন্ত চৰকাৰে:অসম জাতীয় পৰিষদ

ৰঙিলী বাৰ্ত্তাসেৱা- জনমতক উপেক্ষা কৰি অসমৰ ছটা অঞ্চলৰ মাটি মেঘালয়ক গতাই দিয়া কাৰ্য্যৰ তীব্ৰ বিৰোধিতা কৰিছে অসম জাতীয় পৰিষদে৷ দলৰ মতে, বিবাদমান এলেকাত বসবাসকাৰী জনগণৰ মতামতক উপেক্ষা কৰি তেনে কাৰ্য্য কৰাটো জনবিৰোধী৷ নিজৰ উচ্চাকাংক্ষাৰ স্বাৰ্থ আগত ৰাখি হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এনে একপক্ষীয় সিদ্ধান্ত গ্ৰহণ কৰা বুলি দলে অভিযোগ কৰে। সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতি যোগে দলৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই কয় যে চুবুৰীয়া ৰাজ্যৰ সৈতে থকা সীমা বিবাদ নিস্পত্তি কৰাৰ ক্ষেত্ৰত কাৰো বিৰোধ থাকিব নালাগে৷ কিন্তু ৰাজ্য চৰকাৰে উক্ত কাৰ্য্য সম্পাদন কৰিবলৈ যাওঁতে প্ৰচলিত সাংবিধানিক বিধি-ব্যৱস্থাক উলংঘা কৰাটো সমৰ্থনযোগ্য নহয়৷ ’প্ৰতিবেশী ৰাজ্যৰ লগত সৌহাদ্যপূৰ্ণ ভাবে আমি সকলোৱেই থাকিব বিচাৰো৷ সীমা বিবাদ সৌহাৰ্দ্যপূৰ্ণ আলোচনাৰ জৰিয়তে সম্পাদন হোৱা উচিত৷ কিন্তু তাৰ বাবে আপোচ নহয়, এৰা-ধৰাৰহে প্ৰয়োজন৷ অসম চৰকাৰে মেঘালয় চৰকাৰৰ সৈতে আলোচনা সাপেক্ষ্যে আক্ৰান্ত অঞ্চলৰ জনসাধাৰণৰ মতামতক উপেক্ষা কৰি যি একচেটিয়া সিদ্ধান্ত গ্ৰহণ কৰিছে, তাত কেৱল অসমৰ ভূমিহে এৰি দিয়া হৈছে৷ মেঘালয়ৰ পৰা যিখিনি ভূমি অসমে লাভ কৰিব বুলি চৰকাৰে দাবী কৰিছে, সেইখিনি মেঘালয়ৰ দখলত থকা অসমৰে ভূমি বুলি সেই অঞ্চলৰ জনসাধাৰণে কৰা মন্তব্যৰ পৰা আচল ছবিখন পৰিস্কাৰ হৈ গৈছে৷ এই ক্ষেত্ৰত বিচাৰ্য্য বিষয়টো হ’ল- অসমৰ এই বাসিন্দাসকলে নতুন ৰাজ্যলৈ গৈ কি অৱস্থাত থাকিব লাগিব? মেঘালয় ৬ষ্ঠ অনুসূচীভূক্ত ৰাজ্য৷ গতিকে অসমৰ ভৈয়াম জনজাতি বা অজনজাতিসকলৰ মেঘালয়ত সামাজিক স্থান কি হ’ব এই বিষয়বোৰ স্পষ্ট হোৱা উচিত৷”- গগৈ আৰু ভূঞাই কয়৷জাতি-মাটি-ভেটিৰ কথা কোৱা এখন চৰকাৰে নিজৰ ৰাজ্যৰ মাটি আৰু মানুহক এনেকৈ বিসৰ্জন দিব পাৰে নেকি বুলি প্ৰশ্ন উত্থাপন কৰি জাতীয় পৰিষদৰ সভাপতি-সম্পাদকদ্বয়ে কয়, “বিভিন্ন সময়ত অসম বিধান সভাত চৰকাৰে দিয়া তথ্য অনুসৰি মেঘালয়ে অসমৰ ৩৫ বৰ্গ কি:মি: মাটি বেদখল কৰি আছে৷ এতিয়া নতুন চুক্তি অনুসৰি সেই মাটি আধা আধা হ’ব। তাৰ মানে এয়া দিল্লীয়ে বিচাৰিলে নলবাৰীও এৰি দিম বুলি কোৱা কথাৰেই প্ৰতিফলন নেকি? এয়া বুজাবুজি নে আত্মসমৰ্পণ? এয়াই জাতি মাটি ভেটিৰ ৰক্ষকৰ এনে জাতি-মাটি-ভেটিবিৰোধী ভূমিকা পুতৌজনক৷”একমাত্ৰ ৰাজনৈতিক স্বাৰ্থত অমিত শ্বাহৰ নিৰ্দেশত হিমন্ত বিশ্ব শৰ্মা চৰকাৰে হুৰমুৰকৈ উক্ত সিদ্ধান্ত লোৱা বুলি উল্লেখ কৰি গগৈ আৰু ভূঞাই কয় যে আগবেলা সৰ্বদলীয় বৈঠক আৰু পিছবেলা জাতীয় সংগঠনেৰে আলোচনা কৰি পিছদিনা কেবিনেট বৈঠকত বিষয়টো অনুমোদন কৰাই তাৰ পিছদিনা গৃহ মন্ত্ৰণালয়ৰ অনুমোদন ল’বলৈ অসমৰ মুখ্যমন্ত্ৰীয়ে নতুন দিল্লীলৈ উৰা মৰা কাৰ্য্য ৰহস্যজনক৷ দীৰ্ঘদিনীয়া সমস্যা এটা সকলো পক্ষৰ লগত আলোচনা কৰি সম্পাদন কৰা উচিত বুলিও তেওঁলোকে মত প্ৰকাশ কৰে৷