মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ বিৰুদ্ধে বিয়াগোম কেলেংকাৰীৰ অভিযোগ: তদন্তৰ দাবী জাতীয় পৰিষদৰ

Pc Assam times post

মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ বিৰুদ্ধে বিয়াগোম কেলেংকাৰীৰ অভিযোগ: তদন্তৰ দাবী জাতীয় পৰিষদৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ পৃষ্ঠপোষকতাত তেওঁৰ সহধৰ্মিনী আৰু আন সহযোগীকেইগৰাকীৰ বিৰুদ্ধে উত্থাপিত ভূমি কেলেংকাৰীৰ উচ্চ পৰ্যায়ৰ তদন্ত দাবী কৰিছে অসম জাতীয় পৰিষদে৷ এখন সংবাদ মেলৰ আয়োজন কৰি দলৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই কয় যে মুখ্যমন্ত্ৰীৰ সহধৰ্মিনী ৰিণিকি ভূঞা শৰ্মা আৰু অন্যান্যসকলে ২০০৭ আৰু ২০০৯ চনত চৰকাৰী আইন উলংঘা কৰি তথা জালিয়াতিৰে ২৯ বিঘা মাটি ক্ৰয় কৰাৰ তথ্য সংবাদ মাধ্যমৰ যোগেদি ৰাজহুৱা হৈছে৷ উক্ত কেলেংকাৰীত মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ সহযোগী ৰঞ্জিত ভট্টাচাৰ্য আৰু বিতৰ্কিত ব্যৱসায়ী অশোক কুমাৰ ধনুকাৰ লগতে মুখ্যমন্ত্ৰীৰ পুত্ৰ নন্দিল বিশ্ব শৰ্মাৰো নাম জড়িত বুলি অভিযোগ উঠিছে৷ মুখ্যমন্ত্ৰীৰ পৰিয়াল আৰু অন্য ঘনিষ্ঠ ব্যক্তিৰ নাম খাঙোৰ খোৱা এই ‘কেলেংকাৰী’ৰ অভিযোগৰ বিষয়ে স্থিতি স্পষ্ট কৰিবলৈ চৰকাৰক ২৪ ঘন্টা সময় বান্ধি দি জাতীয় পৰিষদৰ নেতাদ্বয়ে কয় যে যদিহে চৰকাৰে উক্ত অভিযোগৰ সন্তোষজনক উত্তৰ দিব নোৱাৰে, তেনেহ’লে দলে কেলেংকাৰীৰ তদন্ত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ তত্বাৱধানত চি বি আই বা এনফোৰ্চমেন্ট ডাইৰেক্টৰেটৰ দ্বাৰা কৰোৱাৰ বাবে ন্যায়ালয়ৰ কাষ চপাৰ বিষয়টো বিবেচনা কৰিব৷ আনহাতে ৰিণিকি ভূঞা শৰ্মা আৰু নন্দিল বিশ্ব শৰ্মাৰ নাম জড়িত থকা এটা কোম্পানীৰ বিৰুদ্ধে অবৈধ ধন সৰবৰাহ (মানী লণ্ডাৰিং)ৰ সুকীয়া গোচৰ ৰুজু কৰি আয়কৰ বিভাগ আৰু প্ৰৱৰ্তন সঞ্চালকালয় (ই ডি)ৰ জৰিয়তে তদন্ত কৰোৱাৰো দাবী উত্থাপন কৰে জাতীয় পৰিষদে৷উল্লেখযোগ্য যে ইংৰাজী ভাষাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ ডিজিটেল বাৰ্তালোচনী ‘দ্য ৱায়াৰ’ আৰু অসমীয়া ভাষাৰ ই-বাৰ্তালোচনী ‘দ্য ক্ৰছকাৰেন্ট’য়ে এটা তথ্য ৰাজহুৱা কৰি কৈছে যে ২০০৬-০৭ চনত ৰিণিকি ভূঞা শৰ্মা আৰু ৰঞ্জিত ভট্টাচাৰ্যৰ নামত পঞ্জীয়ন হোৱা আৰ বি এছ ৰিয়েলটৰ্ছ প্ৰাঃ লিঃ নামৰ এটা কোম্পানীয়ে উত্তৰ গুৱাহাটী ৰাজহ চক্ৰ এলেকাৰ নমলী জলাহ গাঁৱৰ উদয়ন ফিচাৰী আৰু ৱেলফেয়াৰ এক্টিভিটিজ স্কুল নামৰ দুটা প্ৰতিষ্ঠানৰ পৰা ১৭ বিঘা ২ কঠা ৫ লেচা আৰু পলাশবাৰী ৰাজহ চক্ৰ এলেকাৰ বঙৰা গাঁৱৰ কেইগৰাকীমান ব্যক্তিৰ পৰা ১১ বিঘা ৩ কঠা ৪ লেচা ভূমি ক্ৰয় কৰিছিল৷ উক্ত দুয়োটা ঠাইৰ ভূমিখিনি উক্ত প্ৰতিষ্ঠান আৰু ব্যক্তিসকলক চৰকাৰীভাৱে আৱন্টন দিয়া হৈছিল৷ কিন্তু আৱন্টনৰ তিনি মাহৰ পৰা এবছৰৰ ভিতৰত মাটিখিনি ৰিণিকি ভুঞাৰ কোম্পানীয়ে ক্ৰয় কৰি লয়৷ অথচ, অসম ভূমি ৱিকি ১৯৮৯ আৰু চিলিং আইন ১৯৫৬ মতে, চৰকাৰীভাৱে আৱন্টিত ভূমি দহ বছৰলৈ বিক্ৰী বা হস্তান্তৰ কৰিব নোৱাৰি৷ গতিকে আৱন্টনৰ তিনি মাহৰ পৰা এবছৰৰ ভিতৰত ৰিণিকি ভূঞাৰ কোম্পানীৰ ওচৰত বিক্ৰী কৰা কাৰ্য স্পষ্টভাৱে বেআইনী৷মন কৰিবলগীয়া যে বঙৰাৰ মাটিখিনি গুৱাহাটী বিমান বন্দৰ আৰু নিৰ্মিয়মান টেক চিটীৰ ওচৰতে অৱস্থিত৷ আনহাতে উত্তৰ গুৱাহাটীৰ মাটিখিনি মহানগৰীৰ ভৰলু-উত্তৰ গুৱাহাটী সংযোগী প্ৰস্তাৱিত দলঙৰ ইটো পাৰে অৱস্থিত৷আনহাতে মাটি হস্তান্তৰৰ কিছুদিনৰ ভিতৰতে ৰিণিকি ভূঞা শৰ্মাই কোম্পানীটোৰ পৰা পদত্যাগ কৰা দেখুওৱা হয় আৰু তাৰ পিছতে অশোক কুমাৰ ধনুকা নামৰ বিতৰ্কিত ব্যৱসায়ীগৰাকীয়ে কোম্পানীটোৰ সঞ্চালক হিচাপে যোগদান কৰে৷ তাৰ সমান্তৰালকৈ কোম্পানীটোৰ নাম সলনি কৰি বশিষ্ঠ ৰিয়েল্টৰ্ছ প্ৰাঃ লিঃ কৰি লোৱা হয়৷ উক্ত কোম্পানীটোত মুখ্য মন্ত্ৰী ড° শৰ্মাৰ পুত্ৰ নন্দিল বিশ্ব শৰ্মাৰ নামত সৰ্বাধিক বিনিয়োগ আছে বুলি অভিযোগত কোৱা হৈছে৷ কেৱল এয়াই নহয়, কোম্পানীটোত বিনিয়োগ কৰা আৰু লেনদেন কৰা ১৭টা কোম্পানীৰ আটাইকেইটা ঠিকনা কলকাতাত বুলি প্ৰকাশিত নথিত উল্লেখ কৰা হৈছে৷আজিৰ সংবাদ মেলত জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে কয় যে স্বয়ং মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ লোকৰ বিৰুদ্ধে অসমৰ সৰ্ববৃহৎ ভূমি কেলেংকাৰীৰ সংঘটিত কৰা বুলি উঠা অভিযোগ অতিশয় গুৰুত্বপূৰ্ণ৷ ছোনিয়া গান্ধীৰ জোঁৱায়েক ৰবাৰ্ট ভাদ্ৰাৰ বিৰুদ্ধে উত্থাপিত ভূমি কেলেংকাৰীৰ সৈতে ৰিণিকি ভূঞা শৰ্মাৰ ভূমি কেলেংকাৰীৰ বিশেষ একো পাৰ্থক্য নাই৷ অভিযোগ সত্য প্ৰমাণিত হ’লে ৰিণিকি ভূঞা শৰ্মাকে অসমৰ ৰবাৰ্ট ভাদ্ৰা আখ্যা দিব পাৰি৷ৰাজ্যিক ভূমি নীতি আৰু চিলিং আইন উলংঘা কৰি স্বয়ং মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ লোকে উক্ত কেলেংকাৰীৰ সংঘটিত কৰা বুলি উঠা অভিযোগৰ ২৪ ঘন্টাৰ ভিতৰত চৰকাৰে উত্তৰ দিয়ক বুলি প্ৰকাশ কৰি উল্লেখ কৰি লুৰীণজ্যোতি গগৈয়ে কয় যে যদি চৰকাৰে উক্ত সময়ৰ ভিতৰত পতিয়নযোগ্য উত্তৰ দিব নোৱাৰে, তেনেহ’লে অভিযোগ সত্য প্ৰমাণিত হ’ব আৰু তেনে পৰিস্থিতিত জাতীয় পৰিষদে চিবিআই আৰু ই ডিৰ জৰিয়তে তদন্ত কৰোৱাটো উচিত হ’ব৷ কিন্তু চি বি আই আৰু ই ডি যিহেতু চৰকাৰী প্ৰভাৱৰ পৰা মুক্ত নহয়, সেয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কৰ্মৰত ন্যায়াধীশৰ তত্বাৱধানত উক্ত তদন্ত কৰোৱাৰ বাবে জাতীয় পৰিষদে ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ বিষয়টো বিবেচনা কৰিব৷গগৈয়ে লগতে কয় যে এশ গৰু মাৰিলে বাঘৰো মৰণ বুলি অসমীয়াত এশাৰী কথা আছে৷ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ক্ষেত্ৰত এই বাক্যশাৰী এতিয়া ফলিয়াবলৈ গৈ আছে৷ ভূমি কেলেংকাৰীৰ অভিযোগৰ নিৰপেক্ষ তদন্ত হ’লে মুখ্যমন্ত্ৰী শৰ্মা আৰু তেওঁৰ পৰিয়াল তথা একাংশ আত্মীয় আৰু সহযোগীয়ে নিশ্চিতভাৱে জালত পৰিব সেয়া নিশ্চিত বুলি গগৈয়ে মত প্ৰকাশ কৰে৷