মুক্ত প্ৰকৃতি আৰু বন্দী মানুহ ~~~~~~ ফখৰুদ্দিন আহমেদ

pc-Discovermagazine

মুক্ত প্ৰকৃতি আৰু বন্দী মানুহ.
~~~~~~

ফখৰুদ্দিন আহমেদ

দাৰ্শনিক আৰু প্ৰকৃতিবিদ আনাটোলা ফ্ৰাই কৈছিল ” মই যদি প্ৰকৃতি হ’লোহেতেন মানুহৰ জীৱনবৃত্ত পখিলাৰ দৰে কৰিলোহেতেন “। কথাখিনি বুজিবলৈ বৰ সহজ । মানুহৰ জীবনৰ শেষত ডেকা বয়সৰ কৰি দিলেহেেতেন আৰু জীৱনটো উপভোগ কৰি কৰি পৃথিবীৰ পৰা বিদায় ল’লেহেতেন।
কিন্তু মানুহে ভবাৰ দৰে , চিন্তা কৰাৰ দৰে সকলোবোৰ নহয়। মানুহ কেৱল সৃষ্টিকৰ্তাৰ নিয়মৰ অধীনহে। মাতৃৰ গৰ্ভত থিতাপি লোৱাৰ পৰা মৃত্যুৰ মুহূৰ্তলৈ মানুহ প্ৰকৃতিৰ নিয়মৰ অধীন ।প্ৰকৃতি অবিহনে মানুহে পৃথিবীত এটি খোজো আগবাঢ়িব নোৱাৰে। প্ৰকৃতিক পৰাভূত কৰিবলৈ মানুহে চেষ্টাৰ ত্ৰুটি কৰা নাই কিন্তু পৰাভূত হৈছে মানুহ।
প্ৰকৃতিৰ মূল কথা ভাৰসাম্যতা। জীৱ শ্ৰেষ্ঠ মানুহৰ পৰা আৰম্ভ কৰি সকলোবোৰ সৃষ্ট জীৱৰে জীয়াই থকাৰ অধিকাৰ এই প্ৰাকৃতিক ভাৰসাম্যতাৰ ওপৰত নিৰ্ভৰ কৰে।
বেছ কিছু দশক জুৰি প্ৰকৃতিৰ ওপৰত মানুহে অবাধ ধ্বংশ যজ্ঞ আৰম্ভ কৰিছিল। ইতিহাসৰ কলংকিত অধ্যায় হিৰোচিমা-নাগাচাকিৰ পৰা আৰম্ভ কৰি পৰ্বত , ভৈয়াম , মালভুমি , সমভুমি ,জান জুৰি , নদী , সাগৰ , মহাসাগৰ , মৰুভুমি , সেউজীয়া ভুমি আৰু আনকি হিমালয়ৰ সুউচ্চ শৃংগ এভাৰেষ্টটো মানুহে প্ৰকৃতিৰ ওপৰত গৈ ভয়াবহতাৰ সৃষ্টি কৰিছে গৈ।
সকলো মানুহেই জনা কথাটো হ’ল সময়ে কাকো ক্ষমা নকৰে। পৃথিবীত পুৰ্বেও বহুতো ভাইৰাছৰ আবিৰ্ভাব হৈ মানুহৰ মাজত সন্ত্ৰাসৰ সৃষ্টি কৰাৰ নজিৰ আছে। কিন্তু চলিত শতিকাৰ ইং ২০২০ বৰ্ষত চীনৰ য়ুহান প্ৰদেশৰ পৰীক্ষাগাৰত সৃষ্ট কৰ’না ভাইৰাছৰ প্ৰথম ঢৌ আৰু চলিত ইং ২০২১ বৰ্ষত সম্প্ৰতি চলি থকা কৰ’না ভাইৰাছৰ দ্বিতীয় ঢৌৱে সৃষ্টি কৰা মানুহ সংহাৰী সন্ত্ৰাসৰ পুৰ্বৰ ভাইৰাছ সম্পৰ্কীয় সন্ত্ৰাসবোৰৰ লগত কোনো কাৰনতে তুলনা কৰিব নোৱাৰি। কাৰন স্বৰূপে উল্লেখ কৰিব পাৰি যে প্ৰায় দুটা বছৰে পৃথিবীৰ মানহৰ মাজত মৃত্যুৰ কিৰিলিৰে ভয়াবহতাৰ সৃষ্টি কৰা কৰ’না ভাইৰাছক নিৰ্মুল কৰিবলৈ বিশ্বৰ চিকিৎসা বিজ্ঞানে সঠিক ঔষধ আৰু এশ শতাংশ প্ৰতিষেধকৰ ব্যবস্থা কৰিবলৈ সমৰ্থ হোৱা নাই। ফলত চিকিৎসা আৰু স্বাস্থ্য বিজ্ঞানী সকলে এই ভয়াবহ কৰ’না ভাইৰাছৰ সংক্ৰমনৰ পৰা সুৰক্ষিত থাকিবলৈ জনসাধাৰনক কিছুমান পৰামৰ্শ দিছে। প্ৰধানকৈ চাবোন পানীৰে ঘন ঘনকৈ হাত মুখ ধোৱা , হাতত চেনিটাইজাৰ সনা আৰু আন মানুহৰ পৰা কমেও এক মিটাৰ দুৰত্বত অবস্থান কৰা। ইয়াৰ সৈতে তেখেত সকলে উল্লেখ কৰিছে যে বিনা কাৰনত যাতে পৰিয়ালৰ মুৰব্বীৰ লগতে আন কোনোৱেই বিনা প্ৰয়োজনত ঘৰৰ পৰা বাহিৰলৈ নোলায়। পোনপটীয়াকৈ ক’বলৈ গ’লে ঘৰত বন্দীত্বৰ জীৱন কটোৱা।
প্ৰতিটো মুহূৰ্ততে নিজৰ বৈশিষ্ট্য সলাই থকা কৰ’না ভাইৰাছ সাম্প্ৰতিক সময়ত সামান্য ভুলৰ বাবেই মানুহৰ বাবে মৃত্যুদূত হৈ পৰিছে। সেয়েহে মানুহে বন্দীত্বৰ জীৱন কটাবলৈ কুন্ঠাবোধ নকৰা হৈছে।কেৱল জীয়াই থাকিবলৈ পাব লাগে। এনে ধৰনৰ সাবধানতাৰ মাজতো কৰ’না ভাইৰাছৰ দ্বিতীয় ঢৌটো বহু সহস্ৰাধিক মানুহৰ মৃত্যু কেৱল ভাৰততেই হৈছে। অভিযোগ উঠা অনুসৰি ভাৰতকে ভিতৰ কৰি বিশ্বৰ কৰ’না ভাইৰাছত আক্ৰান্ত দেশ সমূহৰ এই ভাইৰাছ বিধত আক্ৰান্ত হৈ মৃত্যুক আকোঁৱালি লোৱা মানুহৰ সংখ্যা চৰকাৰী হিচাপতকৈ বহু গুনে প্ৰকৃততেই বেছি।
কৰ’না ভাইৰাছৰ ভয়াবহ সংক্ৰামক কালত প্ৰকৃতিত মানুহৰ অত্যাচাৰ সহস্ৰ গুনে কমি গৈছে। আনকি মহাকাশৰ অ’জন স্তৰত সাম্প্ৰতিক সময়ত প্ৰকৃতিত মানুহৰ অত্যাচাৰত উৎপন্ন হৈ অপকাৰী গেছৰ পৰিমান বহুত কমি গৈছে আৰু অ’জন স্তৰত ফাঁট মেলি পৃথিবীলৈ পাৰ হৈ আহিব বুলি বিজ্ঞানী সকলে কোৱা জীৱ জগতৰ ক্ষতিকাৰক ” আল্ট্ৰা ভায়লেট ৰে ” ৰ পৰা সদ্যহতে পৃথিবীখন ৰক্ষা পৰিছে।
সাম্প্ৰতিক সময়ত দৃষ্টিগোচৰ হৈছে যে প্ৰকৃতি এশ শতাংশই স্বাভাবিক ভাবেই মুক্ত হৈছে আৰু মানুহ কৰ’না ভাইৰাছৰ বাবে বন্দী হৈছে।
প্ৰকৃতিক মানুহে কৰা অত্যাচাৰৰ মাত্ৰা কেবা দশক পুৰ্বৰ পৰা কমাই দিলে সম্প্ৰতি বিশ্বত অক্সিজেন প্ৰাকৃতিক ভাবেই মজুত থাকিলেহেতেন আৰু মানুহ কোনো কাৰনতেই বিপদত নপৰিলেহেতেন।

মোবাইল নং-৮৬৩৮৩১২৭০৭