মুকুট শৰ্মাৰ- বাংলাদেশী,অনুপ্ৰৱেশ বনাম প্ৰব্ৰজন শীৰ্ষক গ্ৰন্থ মুকলি

pc-fakaruddin

মুকুট শৰ্মাৰ- বাংলাদেশী,অনুপ্ৰৱেশ বনাম প্ৰব্ৰজন শীৰ্ষক গ্ৰন্থ মুকলি
———————————— –
গুৱাহাটী 19 জুলাই : অসমৰ বিশিষ্ট প্ৰকাশক গোষ্ঠী ভাষা প্ৰকাশনে যোৱা 18 জুলাই তাৰিখে অসমৰ এগৰাকী প্ৰগতিশীল যুক্তিবাদী লিখক মুকুট শৰ্মাৰ শেহতীয়া গ্ৰন্থ ” বাংলাদেশী, অনুপ্ৰৱেশ বনাম প্ৰব্ৰজন” প্ৰকাশ কৰি উলিয়ায় । এই গ্ৰন্থখন আনুষ্ঠানিক ভাৱে ভাষা প্ৰকাশনৰ কাৰ্য্যালয়ত নিৰ্দিষ্ট কেইজনমান ব্যক্তিৰ উপস্থিতিত মুকলি কৰে প্ৰকাশনৰ উপদেষ্টা শিৱ প্ৰসাদ শৰ্মাই । গ্ৰন্থ মুকলি কৰি শিৱ প্ৰসাদ শৰ্মাই এই গ্ৰন্থ খনে বাংলাদেশী সম্পৰ্কত সাধাৰণ মানুহৰ যি চিন্তা তাক সলনি কৰিব বুলি আশা প্ৰকাশ কৰাৰ লগতে এখন সমৃদ্ধিশালী সমাজ গঢ়াত গ্ৰন্থ খন মাইলৰ খুটি হব বুলিও উল্লেখ কৰে । বিশেষকৈ বহু ক্ষেত্ৰত বাস্তৱ চিন্তাৰে এই বিষয়টোক লিখকে সাৱলীল ভাবে আৰু যুক্তিপূৰ্ণ তথ্যৰে দাঙি ধৰি সহসিকতাৰ পৰিচয় দিয়া বুলি মত প্ৰকাশ কৰে ।
উল্লেখযোগ্য যে মুকুট শৰ্মাই ইতিমধ্যে কেইবাখনো গুৰুত্বপূৰ্ণ সমসাময়িক গ্ৰন্থ লিখি সমাজখনত এক ইতিবাচক দিশ দাঙি ধৰিছে । গ্ৰন্থ উন্মোচনী সভাত নিজৰ ভাষণত মুকুট শৰ্মাই কয় যে – সাধাৰণতে সকলোক্ষেত্ৰত সন্দেহ জনক বাংলাদেশী বুলি কোৱাটো অসমীয়া মানুহৰ এটা মানসিক ৰোগ । অসমীয়া জাতিগঠন প্ৰক্ৰিয়াৰ পৰা এই লোক সকলক আঁতৰাই ৰাখিব বিচৰাটো এটা ৰাজনৈতিক কাৰসাজি আৰু প্ৰাচীন কামৰূপৰ অন্তৰ্গত পূৰ্ববংগীয় মূলৰ এই লোক সকল মুছলমান হোৱা বাবেই বিদেশী নহয় আৰু স্বাধীনতাৰ আগেয়ে অসমলৈ অহা সকল নিশ্চয়কৈ অসমীয়া । স্বাধীনতাৰ পূৰ্বে অসমলৈ অহা সকল প্ৰব্ৰজিতহে , কোনো কাৰণত বিদেশী নহয় । তেনে দৰে সভাত উপস্থিতি থাকি ভাষা প্ৰকাশনৰ সমন্বয়ক ৰাহুল দেৱ শৰ্মাই গ্ৰন্থ খন
www. vashapublication. in ত উপলব্ধ বুলি জানিবলৈ দিয়াৰ লগতে তথ্য আৰু যুক্তি নিৰ্ভৰ এই গ্ৰন্থ খনে বাংলাদেশী সম্পৰ্কত মানুহৰ একঘেয়ামী চিন্তাৰ অৱসান ঘটাই নতুন চিন্তাৰ বাট মুকলি কৰিব বুলি আশা প্ৰকাশ কৰে । 150 টকা মূল্যৰ এই গ্ৰন্থখন ভাষা প্ৰকাশৰ উপৰিও পানবজাৰৰ জ্যোতি প্ৰকাশ, অসম বুক ট্ৰাষ্ট আদিত উপলব্ধ বুলি জানিবলৈ দিয়ে ।