মুকলি হ’ল গুৱাহাটীত নতুন কেৱ সেৱা উল্টা কেৱ

মুকলি হ’ল গুৱাহাটীত নতুন কেৱ সেৱা উল্টা কেৱ

ৰঙিলী বাৰ্ত্তাসেৱা- কৰ’না আৰু লক ডাউনৰ পাছত সমগ্ৰ বিশ্বৰ অৰ্থনীতি স্থবিৰ হৈ পৰিছে৷ভাৰতবৰ্ষ তথা অসমৰ বহু শিক্ষিত যুৱক লকডাউনৰ সময়ত ঘৰমুৱা হৈ নিবনুৱা বা উপযুক্ত কামৰ অভাৱত পৰিছে৷তেনে এক ক্ষণত অসমৰ একাংশ উদীয়মান যুৱ প্ৰজন্মক হাতত লৈ গুৱাহাটীত তপন কুমাৰ ভূঞাৰ নেতৃত্বত জন্ম লাভ কৰিছে এটি প্ৰতিষ্ঠান উল্টা কেৱ৷-এই মন্তব্য সহযোগী প্ৰতিষ্ঠাপক তপন কুমাৰ ভূঞাৰ৷ গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত সংবাদ মেলত এইদৰে কয় ভূঞাই৷তেওঁ পুনৰ কয় তথ্য প্ৰযুক্তি বিদ্যাৰ সহায়ত ব্যৱহাৰ কৰিব পাৰিব উল্টা কেৱৰ সা সুবিধা সমূহ৷মোবাইল ফোনৰ ‘প্লে ষ্টোৰ’ উপলব্ধ এই এপ্লিকেশ্বন এপটো৷অতি কম মূল্যত গ্ৰাহকে অসমৰ বিভিন্ন জিলালৈ নিৰাপদে যাত্ৰা কৰিব পাৰিব৷উল্টা কেৱৰ সেৱা একমাত্ৰ গুৱাহাটীতে সীমাৱদ্ধ নাথাকিব৷ই অসমৰ গাঁৱে ভূৱে,চহৰে নগৰে প্ৰতিটো অঞ্চলতে লাভ কৰিব পাৰিব ইয়াৰ সেৱা৷বাইক,অ’টোৰ পৰা আৰম্ভ কৰি বিলাসী গাড়ী উপলব্ধ হ’ব উল্টা কেৱত৷অসমৰ প্ৰতিখন জিলাৰ একাংশ নিবনুৱা সংস্থাপনৰ মাধ্যম হিচাপে উল্টা কেৱৰ পৰিয়ালৰ তৰফৰ পৰা সাৰথি প্ৰদানৰ জৰিয়তে নিয়োগ সৃষ্টি হ’ব৷অসমৰ থলুৱা লোকৰ হাতেৰে প্ৰাণ পাই উঠা উক্ত কেৱৰ সা সুবিধা সমূহ লোৱাৰ বাবে সংযুক্ত হওক কেৱৰ পৰিয়ালৰ সৈতে৷যি সকল গ্ৰাহকে উল্টা কেৱক ৰেফাৰ কৰিব তেওঁলোকে লাভ কৰিব ৫০টকা৷অসমৰ থলুৱা লোকৰ হাতত প্ৰাণ পাই উঠা উল্টা কেৱে সময়ে সময়ে বিভিন্ন ধৰণৰ আনুসাংগিক সুবিধা প্ৰদান কৰিব গ্ৰাহকক৷