মীৰাবাইয়ে অলিম্পিকত স্বৰ্ণ পদক লাভ কৰাৰ সম্ভাৱনা দেখা গৈছে

pc Yahoo News India

অনলাইন বাৰ্ত্তাসেৱা – টকিঅ’ অলিম্পিকত মহিলাৰ ৪৯ কিলোগ্ৰাম প্ৰতিযোগিতাত ৰূপৰ পদক অৰ্জন কৰা ভাৰতীয় ভাৰোত্তোলক মীৰাবাই চানুৱে সোণৰ পদক জয় কৰাৰ সুযোগ লাভ কৰিছে। এই শ্ৰেণীত স্বৰ্ণ জয় কৰা চীনৰ হাউ ঝিহুইক ডোপ পৰীক্ষাৰ বাবে টকিঅ’ৰ পৰা উভতি যোৱাৰ বাবে অনুমতি প্ৰদান কৰা হোৱা নাই বুলি জানিব পৰা গৈছে। যদি ‘হাউ’ৱে ডোপ পৰীক্ষাত বিফল হয়, তেন্তে মীৰাবাইক সোণেৰে পুৰস্কৃত কৰা হ’ব।

(UD.)