মিডিয়া ছুপাৰ কিংছৰ বিৰুদ্ধে তথ্য আৰু জনসংযােগ সঞ্চালকালৰ  প্রদর্শনীমূলক টি-২০ খেল

pc.- istock

মিডিয়া ছুপাৰ কিংছৰ বিৰুদ্ধে তথ্য আৰু জনসংযােগ সঞ্চালকালৰ  প্রদর্শনীমূলক টি-২০ খেল

দিছপুৰ ৰঙিলী বাৰ্ত্তাসেৱা- –  গুৱাহাটীৰ জ’জ খেলপথাৰত যােৱা ২৫ জানুৱাৰীৰ পৰা অনুষ্ঠিত হােৱা তৃতীয় নর্থ-ইষ্ট মিডিয়া টি২০’ প্রতিযােগিতাত আজি তথ্য আৰু জনসংযােগ সঞ্চালকালয়ে মিডিয়া ছুপাৰ কিংছৰ বিৰুদ্ধে এখন প্রদর্শনীমূলক খেলত অংশগ্রহণ কৰে। তথ্য আৰু জনসংযােগৰ সঞ্চালক বিষ্ণু কমল বৰা, অতিৰিক্ত সঞ্চালক প্রদীপব্রহ্ম, যুটীয়া সঞ্চালক দীপক বসুমতাৰীৰ বিশেষ তৎপৰতাত পােনপ্ৰথমবাৰৰ বাবে গঠন হােৱা “জনসংযােগ প্রাইডছ-১১’এ তীব্র উত্তেজনাপূর্ণ খেলখত মিডিয়া ছুপাৰ কিংছৰ বিৰুদ্ধে ৩ উইকেটত পৰাজয়বৰণ কৰে। জনসংযােগ প্রাইডছ ১১ এ টছত জিকি প্রথমে বেট ধৰাৰ সিদ্ধান্ত লয়। প্ৰাৰম্ভিক অৱস্থাতে ৪ টা উইকেটৰ পতন হােৱাত বিপর্যয়ৰ সন্মুখীন হােৱা দলটোক অধিনায়ক ইফটিখাৰ জামা(২৭) আৰু ওছমান গনি (৯) ৰ যুটিয়ে সুস্থিৰতা প্রদান কৰাৰ সময়তে দুর্ভাগ্যজনকভাৱে ইফটিখাৰ জামান দ্বিতীয় ইনিংছত ৰাণ আউট হয়। পিছত জিতু কলিতাৰ অপৰাজিত ৬৪ ৰাণৰ সহায়ত দলটোৱে বিপক্ষক ১৬৪ ৰাণৰ লক্ষ্য বান্ধি দিয়ে। মিডিয়া ছুপাৰ কিংছৰ অপেনিং বেমেনদ্বয়ে সুন্দৰ আৰম্ভণি কৰে আৰু দহ অভাৰত দলটোৱে এক শক্তিশালী স্থিতিত উপনীত হয়। অৱশ্যে জনসংযােগৰ দলটোৱে পিছত সুন্দৰ বলিঙেৰে দলটোক বান্ধি ৰাখিবলৈ সক্ষম হয়। তীব্র শ্বাসরুদ্ধকৰ মেছখনত শেষ অভাৰত দুটা বল বাকী থকা অৱস্থাত মিডিয়া ছুপাৰ কিংছে বিজয় লক্ষ্যত উপনীত হয়। জনসংযােগ প্রাইডছ-১১ ৰ হৈ মজবুল হুছেইনে ৩ টা, প্রিয়ম ভূঞা আৰু ইফটিখাৰ জামানে ২ টাকৈ উইকেট দখল কৰেবিজয়ী দলৰ হৈ জ্যোতিপ্ৰসাদ বুঢ়াগােহাই (৪৭), কমলেশ বর্মন (৩৮) আৰু হিমাংশু অনুপমে (১৫ ৰাণ আৰু ২ টা উইকেট) সুন্দৰ খেল প্রদর্শন কৰে। 

 খেলৰ শেষত অনুষ্ঠিত বঁটা বিতৰণী অনুষ্ঠানত উপস্থিত থাকি তথ্য আৰু জনসংযােগ সঞ্চালকালয়ৰ অতিৰিক্ত সঞ্চালক প্রদীপব্রহ্ম আৰুযুটীয়া সঞ্চালক দীপক বসুমতাৰীয়ে উদ্যোক্তাসকলৰ প্রচেষ্টাৰ শলাগ লয় আৰু প্ৰথমবাৰৰ বাবে সঞ্চালকালয়ৰ তৰফৰ পৰা গঠিত ক্রিকেট দলটোত অংশগ্রহণ কৰা খেলুৱৈসকলক অভিনন্দন জনায়। বিজয়ী দলৰ অধিনায়ক অসমীয়া খবৰৰ কাৰ্যবাহী সম্পাদক বিশ্বজিৎ দাসে তথ্য আৰু জনসংযােগ সঞ্চালকালয়ৰ এই প্রথম প্রচেষ্টাৰ ভূয়সী প্রশংসা কৰাৰ লগতে  ভৱিষ্যতে অধিক প্রতিযােগিতাত অংশগ্ৰহণৰ বাবে আহ্বান জনায়। 

খেলত অলৰাউণ্ড প্রদর্শনৰ বাবে জনসংযােগ প্রাইডৰ ইফটিখাৰ জামানক ‘মেন অব ডা মেছপ্রদান কৰা হয়দলটোৰ আন আন খেলুৱৈসকল হ’ল নীলমণি দাস (উপ অধিনায়ক), ধীৰাজ কলিতা, ৰাজীৱ চক্ৰৱৰ্তী, ৰাজু কলিতা, ওচমান গনি, প্রিয়ম ভূঞা, মজবুল হুছেইন, সঞ্জয় কাশ্যপ, অজয় শালৈ, অজিত শর্মা, হৃষীকেশ ডেকা, অনুজ দাস, জিতুমণি দাস আৰু অভিজিৎ কুটুম।