মিজোৰাম-অসমত সীমান্তত বিবাদ

pc EastMojo

অনলাইন বাৰ্ত্তাসেৱা – মিজোৰামৰ দ্বাৰা বেদখল কৰা অসমৰ ঢোলাইখাল অঞ্চলৰ তিনিখন গাওঁ  হাইলাকান্দি জিলা প্ৰশাসনে শেহতীয়াকৈ উচ্ছেদ কৰি বেদখলমুক্ত কৰে। প্ৰতিবেদনটোৰ দ্বাৰা জানিব পৰা গৈছে, হাইলাকান্দিৰ এছ.পি ৰমনদীপ কৌৰে কৈছিল যে বৃহস্পতিবাৰে নিশালৈকে সীমান্তত অভিযান অব্যাহত আছিল।

জিলা প্ৰশাসনৰ বিষয়াসকলৰ মতে, মিজোসকলে অসমৰ সম্পত্তিৰ ওপৰত ঝুমঘৰত নিৰ্মাণ কৰা এটা কোভিড-১৯ পৰীক্ষা কেন্দ্ৰ ধ্বংস কৰে অসম আৰক্ষীয়ে। ইয়াৰ উপৰিও, মিজোসকলে নিৰ্মাণ কৰা দুটা শিবিৰ ধ্বংস কৰে।

(UD.)