মিজোৰামৰ সৈতে সীমা বিবাদ কেন্দ্ৰীক সংঘাতৰ উত্তেজনাৰ মাজতে আজি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, নলবাৰী জিলা সমিতিয়ে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ প্ৰতিকৃতি দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে

নলবাৰী, ২৮ জুলাই:-মিজোৰামৰ সৈতে সীমা বিবাদ কেন্দ্ৰীক সংঘাতৰ উত্তেজনাৰ মাজতে আজি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, নলবাৰী জিলা সমিতিয়ে ভাৰতৰ গৃহ মন্ত্ৰালয়ে অসমৰ অমীমাংসীত সীমা সমস্যা সমাধান কৰিব নোৱাৰা আৰু মিজোৰাম সীমান্তৰ শেহতীয়া ঘটনাত মিজোৰাম চৰকাৰক হস্তক্ষেপ কৰোৱাত বিফল হোৱা বাবে আজি কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ প্ৰতিকৃতি দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। সংগঠনটোৰ নলবাৰী জিলা সমিতিৰ সভাপতি পাৰ্থপ্ৰতীম শৰ্মা আৰু সাঃসম্পাদক কৌশিক বৰ্মনৰ নেতৃত্বত দিনৰ ২ বজাত ৰূপায়িত উক্ত প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহনকাৰী সকলে অমিত শ্বাহ হায় হায়, হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, অসমত আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা প্ৰৱৰ্তন কৰক, অসমৰ সীমা সমস্যা অতিশীঘ্ৰে সমাধান কৰক আদি বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে। যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য নগেন শালৈ, জিলা সমিতিৰ উপদেষ্টা মনোৰম কলিতা, নিৰোদ দাস, যোগেশ কলিতা সহ জিলা সমিতি আৰু বিভিন্ন আঞ্চলিক সমিতিৰ বিষয় ববীয়াৰ উপস্থিতিত ক’ভিড প্ৰটকল মানি প্ৰায় অৰ্দ্ধ শতাধিক কৰ্মীয়ে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে। নলবাৰী চহৰৰ এন. টি ৰোডত ৰূপায়িত উক্ত প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে সংগঠনটোৱে কেন্দ্ৰীয় চৰকাৰে স্বৰাজোত্তৰ কালৰে পৰাই সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য সমূহৰ সীমা সমস্যা সমাধানৰ ক্ষেত্ৰত কোনো কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ নকৰাৰ ফলত সীমামুৰীয়া অঞ্চল সমূহত প্ৰায়েই উত্তেজনা বিৰাজ কৰে আৰু ইয়েই দেশৰ গৃহ বিভাগৰ ব্যৰ্থতাকে সূচায় বুলি তীব্ৰ বিষোদগাৰ প্ৰকাশ কৰে। ইয়াৰোপৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰ‌ই বিচাৰিলে মিজোৰামক গুৱাহাটী, নলবাৰীকো গতাই দিম বুলি যি তৰল আৰু নিকৃষ্ট বক্তব্য আগবঢ়াইছে তাৰো তীব্ৰ গৰিহণা দিয়ে সংগঠনটোৱে লগতে জাতি- মাটি- ভেটি ৰক্ষাৰ শ্লোগানেৰে ৰাজ্যৰ ক্ষমতা হস্তগত কৰা বিজেপি চৰকাৰক নিজৰ প্ৰতিশ্ৰুতি পালনত যে সম্পূৰ্ণ ৰূপে ব্যৰ্থ হৈছে তাক মিজোৰামৰ সীমা বিবাদ কেন্দ্ৰীক সংঘাতেই উদঙাই দিছে বুলি তীব্ৰ অসন্তষ্টি প্ৰকাশ কৰে। অতিশীঘ্ৰে অসমৰ সীমা সমস্যা সমাধান কৰি ৰাজ্যত কাৰ্যকৰী হোৱাকৈ আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা প্ৰৱৰ্তন নকৰিলে তীব্ৰ গনতান্ত্ৰীক কাৰ্যসূচী গ্ৰহণ কৰিব বুলি সকীয়াই দিয়ে যুৱ-ছাত্র পৰিষদৰ নলবাৰী জিলা সমিতিয়ে। by sahil mallick