মা- ৰাজলক্ষ্মী বৰঠাকুৰ

p.c Pixabay

মা

মা সকলোৰে থাকে কিন্তু তোমাৰ দৰে
মা সকলোৰে ভাগ্যত নাই।
সকলো পৰিস্থিতিত সাহসেৰে
সন্মুখীন হবলৈ তোমাৰ পৰাই
শিকিছো মা।
মই আজি যি পাইছোঁ এয়া একমাত্র
তোমাৰ বাবেই সম্ভৱ হৈছে।
মা তুমি সংসাৰৰ সকলো বাধা
অকলেই যুঁজ দিবলৈ সক্ষম।
মাৰ লগত মোৰ কেৱল মনৰ নহয়
হৃদয়ৰো অন্তহীন সংযোগ আছে।
সকলোৰে বাবে তুমি মা কিন্তু
আমাৰ বাবে তুমিয়ে পৃথিৱী।

ৰাজলক্ষ্মী বৰঠাকুৰ
দেৱৰাজ ৰয় মহাবিদ্যালয় গোলাঘাট