“মা তুমি অনন্যা”- বিনীতা গগৈ

Pc The Indian Express

হৃদয়ানুৰাগ

“মা তুমি অনন্যা”

ভাদ মাহৰ পবিত্ৰ ভাবৰ শুকুলা সাজ পৰিধান কৰি, ডিঙিত নিয়ৰৰ মুকুতা মালা পিন্ধি লাজুক লাজুক ভাবেৰে সোমাই অহা শৰং মোৰ অতিকৈ প্ৰিয় ঋতু। ঝাও বনৰ মাজে মাজে, কহুৱাৰ আঁহে আঁহে শৰতৰ বতৰা লৈ হালি জালি সম্ভাষণ জনাই শুভ্ৰ নীল আকাশত শাৰদীয় দূৰ্গা পূজাৰ বতৰা বিলাই আকাশে বতাহে নিনাদিত হয়
দেৱীৰ বন্দনা….
“যা দেৱী সৰ্ব ভূতেষু শক্তি ৰূপেন সংস্থিতা।
নমস্তসৈ নমস্তসৈ নমস্তসৈ নমো নম:।।”
উৎসৱমুখৰ মনৰ বাকৰিত সনিগ্ধ হৃদয়েৰে
দেৱীৰ বন্দনা। ৰক্তবীজৰ দৰে জন্মা
মহিষাসুৰ বংশৰ নিধনৰ অখৰা….
সময়ে অসময়ে মহিষাসুৰৰ বংশৰ অতপালিত
সৰল প্ৰজাৰ আলাই আথানি……
হে মা দূৰ্গা! পৃথিৱীত শান্তি ৰাজ্য স্থাপনৰ বাবে
তুমি ভিন্ন সময়ত দূৰ্গা, কালী, চামুণ্ডা আদি
ভিন্ন ৰূপ ধাৰণ কৰা। জানো,
মাতৃ তুমি! সন্তানক পালন কৰাই তোমাৰ ধৰ্ম…
অপশক্তিক বিনাশেৰে, সন্তানক পালনৰ অৰ্থে লোৱা তোমাৰ কালী ৰূপো মোৰ প্ৰিয়!
হে মা আদ্য শক্তি! তোমাৰ বুকুৰ উমত
আমাক উজ্জীৱিত হবলৈ দিয়া,
সমাজ আৰু জাতিৰ মঙ্গলৰ বাবে তুমি
জগত জননী আমাৰ মাতৃ হোৱা।
হে মা! তুমি অনন্যা….

বিনীতা গগৈ
সহকাৰী অধ্যাপক, অসমীয়া বিভাগ। কন্যা মহাবিদ্যালয়
গীতানগৰ, গুৱাহাটী – ২১