মা — ঋত্বিজ ঠাকুৰ, দেৱৰাজ ৰয় মহাবিদ্যালয়

pc-patrika

মা

জীৱনৰ প্ৰথম প্ৰেম
তোমাৰ সৈতে হৈছিল।
যাৰ বাবে পৃথিৱীখন দেখাৰ
সৌভাগ্য হৈছিল, সেইয়াইটো তুমি।
যাৰ ভালপোৱাত কোনো কৃত্ৰিমতা নাই ,
সেইয়াইটো তুমি।
যাৰ মৰমে জীৱনটোক
অধিক শক্তিশালী কৰি তোলে,
সেইয়াইটো তুমি।
যাৰ আৰ্শীবাদ আজীৱন
জীৱনটোৰ বাবে আছে,
সেইয়াইটো তুমি।
দুখৰ সময়বোৰটো
যি সাহসী কৰি তোলে,
সেইয়াইটো তুমি।
যি নিজৰ দুখ কষ্টবোৰ পাহৰিও
আমাৰ কাৰণে ভাৱে,
সেইয়াইটো তুমি।
আৰ্শীবাদ কৰিবা, জীৱনত যাতে
নিজৰ সপোনবোৰ দিঠক কৰি আগুৱাই যাব পাৰো।
কথা দিলোঁ তোমাকো,
এদিন সফল হৈ দেখুৱাম
যি মোৰ ডাঙি সমাজত
তুমিয়েই কবা,
সেইয়া মোৰেই সন্তান।
জীৱনৰ প্ৰথম প্ৰেম
তোমাৰ সৈতে হৈছে,
গতিকে জীৱনৰ প্ৰতিটো সুখ
তোমাৰ নামত উৎসৰ্গা কৰি,
আগুৱাই যাম।
শেষত তোমাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনাৰে ।

✍🏻ঋত্বিজ ঠাকুৰ
দেৱৰাজ ৰয় মহাবিদ্যালয়
৮৪৮৬০৫৫৫৩২