মানৱ অধিকাৰ-সাংবাদিকতাৰ ওপৰত প্ৰত্যাহ্বান আহি পৰিছেঃ মনোজ কুমাৰ গোস্বামী

f2fdbd79-a031-419f-b0fb-4af621e69ddb

মানৱ অধিকাৰ-সাংবাদিকতাৰ ওপৰত প্ৰত্যাহ্বান আহি পৰিছেঃ মনোজ কুমাৰ গোস্বামী

ৰঙিলী বাৰ্ত্তাসেৱা-  মানৱ অধিকাৰ আৰু সাংবাদিকতাৰ ওপৰত প্ৰত্যাহ্বান আহি পৰিছে৷বৰ্তমান মানৱ অধিকাৰ আৰু সাংবাদিকতাৰ ওপৰত বিভিন্ন ধৰণৰ সমস্যাৰ সৃষ্টি হৈছে৷মানৱ অধিকাৰ আৰু সাংবাদিকৰ সংজ্ঞা বদলি হৈছে৷-এই মন্তব্য ‘আমাৰ অসম’ৰ মুখ্য সম্পাদক মনোজ কুমাৰ গোস্বামীৰ। গুৱাহাটী প্ৰেছ ক্লাবত হিউমেন  ৰাইটচ নেশ্বনেল ফেডেৰেশ্বনে আয়োজন কৰা আন্তৰ্জাতিক মানৱ অধিকাৰ দিৱসত এইদৰে কয় “আমাৰ অসম’ৰ মুখ্য সম্পাদক মনোজ কুমাৰ গোস্বামীয়ে৷তেওঁ পুনৰ কয়- মানৱ অধিকাৰ আৰু সাংবাদিকতাৰ ওপৰত প্ৰশ্ন উঠি থকাৰ লগতে মাজে মাজে সমালোচনা হৈ থাকে৷এই দুয়োটাকে নষ্ট কৰিবলৈ চেষ্টা কৰা হৈছে৷এই সমস্যাৰ মাজেৰে দুয়োটা কাম কৰিব লাগিব৷তেওঁ নেহেৰুৰ উদ্ধৃতিৰে কয় আৰ্থিকভাৱে স্বাধীন নহ’লে এই স্বাধীনতাৰ কোনো মতলব নাই৷সভাত ’প্ৰতিদিন টাইম’ৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াই ভাষণত কয় এই দিৱস ইয়াত পতাৰ পৰিৱৰ্তে গাঁও অঞ্চলত পতাটো বেছি ভাল৷সভা পাতিলে কি হ’ব ইয়াক হাতে কামে কৰিব লাগিব৷চৰকাৰী মাধ্যম আৰু সকলোৰে বাবে মাত মাতিব লাগে৷নাগালেন্দৰ ঘটনা সন্দৰ্ভত কিছু কথা ব্যক্ত কৰে৷সংস্থাটোৰ ৰাষ্ট্ৰীয় মুখ্য সঞ্চালক ড° বৰ্ণালী শৰ্মা বৰুৱাই পৰিচালনা কৰা সভাত ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ ডা° হেমপ্ৰভা বৰঠাকুৰ,লেখক মুকুট শৰ্মাই ভাষণ দিয়ে৷