মাত্র এপালি প্রতিষেধকে অমিক্রনক ৰখাব নোৱাৰেঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

Pc India Today

মাত্র এপালি প্রতিষেধকে অমিক্রনক ৰখাব নোৱাৰেঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

ৰঙিলী বাৰ্ত্তাসেৱা-  কোভিড-১৯ৰ নতুন প্ৰকাৰ অমিক্রন অসমত প্ৰৱেশ কৰাৰ লগতে ৰাজ্যখনত কোভিডৰ তৃতীয় ঢৌ অহাৰ পথত। দুলীয়াজানত মুখ্যমন্ত্রী ড° শৰ্মাই সংবাদ মাধ্যমৰ আগত সদৰী কৰি কয় যে অমিক্ৰনৰ ভয়াৱহতা থাকিলেও অসমত লকডাউন দিয়াৰ সম্ভাৱনা নাই।  দ্বিতীয় ঢৌৰ সময়তো লকডাউন দিয়া হোৱা নাছিল। লকডাউন বা জীৱিকাৰ ওপৰত অসুবিধা নোহোৱাকৈ আগবাঢ়িব লাগিব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে চৰকাৰে প্ৰয়োজনত কেতবোৰ ক্ষেত্ৰত পৰিস্থিতি সাপেক্ষে কঠোৰ বাধা নিষেধ বলৱৎ কৰিব পাৰে। অমিক্ৰনে দুটাকৈ প্রতিষেধক লোৱাসকলৰ বাবে সমস্যাৰ সৃষ্টি নকৰিলেও শিশুসকলৰ বাবে সমস্যাৰ সৃষ্টি হ’ব পাৰে বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে ই প্ৰধানকৈ শ্বাস-প্রশ্বাসত ব্যাঘাত জন্মায়। তাৰ বাবে আগতীয়াকৈ প্ৰতিৰোধ ব্যৱস্থা গঢ়ি তোলা হৈছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই লগতে কয় যে মাত্র এপালি প্রতিষেধকে অমিক্রনক ৰখাব নোৱাৰে। সেয়ে ১৫ৰ পৰা ১৮ বছৰৰ কিশোৰৰ ক্ষেত্ৰত অহা ২০ দিনৰ ভিতৰত প্ৰথম পালি প্রতিষেধক প্রদান শেষ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। দ্বিতীয় পালি প্রতিষেধক ক’ভাক্সিন ২৮ দিনৰ ভিতৰত দিয়া হ’ব। অমিক্ৰনৰ সংক্ৰমণ যিহেতু খুব সোনকালে বিয়পে, সেয়ে ৰাজ্যখনত তৃতীয় টৌ অহাৰ পূৰ্বে সকলোৱে যাতে দ্বিতীয় পালি প্রতিষেধক ল’ব পাৰে, তাৰ বাবে চৰকাৰে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে।