মাতৃক হত্যা আৰু ভক্ষণৰ দৰে অপৰাধৰ বাবে প্ৰদান কৰা হৈছে মৃত্যুদণ্ড

pc BOL News

অনলাইন বাৰ্ত্তাসেৱা – বৰ্তমানৰ সমাজখনক জোকাৰি যোৱা এক আচৰিত আৰু চাঞ্চল্যকৰ ঘটনাত মহাৰাষ্ট্ৰৰ কোলহাপুৰৰ এজন ৩৫ বছৰীয়া ব্যক্তিক স্থানীয় আদালতে তেওঁৰ মাতৃক হত্যা কৰা আৰু ইয়াৰ পিছত অংগ-প্ৰত্যংগসমূহ ভক্ষণ কৰাৰ দৰে এক ঘৃণনীয় অপৰাধৰ ভিত্তিত মৃত্যুদণ্ড প্ৰদান কৰে। কোলহাপুৰৰ অতিৰিক্ত সত্ৰ ন্যায়াধীশ মহেশ কৃষ্ণজী যাদৱে ইয়াক এক ‘বিৰল গোচৰ’ বুলি উল্লেখ কৰে আৰু বোম্বাই উচ্চ ন্যায়ালয়ৰ দ্বাৰা নিশ্চিতি সাপেক্ষে সুনীল ৰামা কুচকোৰাভিক হত্যাৰ অপৰাধৰ বাবে চৰম শাস্তি প্ৰদান কৰে।

(UD.)