মাজুলীৰ নির্বাচন ধুঁৱলি কুৱলিঃ অ-জনজাতীয় ভােটাৰৰ বিভাজন, বিপাঙত বিজেপি

pc. The Quint

মাজুলীৰ নির্বাচন ধুঁৱলি কুৱলিঃ অ-জনজাতীয় ভােটাৰৰ বিভাজন, বিপাঙত বিজেপি

ৰঙিলী বাৰ্ত্তাসেৱা-   মাজুলী বিধানসভা সমষ্টিৰ উপ-নির্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে গৰম হৈ উঠিছে মাজুলীৰ নির্বাচনী বতাহ। শাসনাধিষ্ঠ বিজেপি-মৰ্চাৰ প্রার্থী ভূবন গামৰ বিৰূদ্ধে নির্বাচনী যুঁজত অবতীর্ণ হৈছে বিৰােধী শিবিৰৰ উমৈহতীয়া প্রার্থী অসম জাতীয় পৰিষদৰ চিত্তৰঞ্জন বসুমতাৰী। ইতিমধ্যে বিজেপি আৰু বিৰােধী শিবিৰৰ বৰ-বৰ নেতাৰ প্ৰচাৰ আৰু পালিনেতা সকলৰ তৎপৰতাই সমষ্টিটো মুখৰিত কৰি তুলিছে। মাজুলী সমষ্টিত যিকোনাে দলৰ প্ৰাৰ্থীৰ বিজয়ত সদায় নির্ণায়ক ভূমিকা লৈ আহিছে সকলাে অজনজাতীয় ভােটাৰ সকলে। জনজাতীয় ভােটাৰৰ ভিতৰত সংখ্যাগৰিষ্ঠ মিছিং আৰু দেউৰী ভােটাৰসকল এইবাৰ বিভিন্ন শিবিৰত বিভক্ত হৈ থকাত অধিক আকর্ষণীয় হৈ উঠিছে মাজুলীৰ নির্বাচনী প্রেক্ষাপট। মিছিং ভােটাৰ সকলৰ দ-গাম আৰু বাৰাম ফৈদত ভাগ হােৱাত বিপাঙত পৰা পলিৰক্ষিত হৈছে বিজেপিৰ প্রার্থী গৰাকী। দলটোৰ প্রার্থী গৰাকী মিছিং সম্প্রদায়ৰ হ’লেও তেওঁ মিছিং ভােটাৰৰ গৰিষ্ঠ সমর্থন লাভ কৰাৰ ক্ষেত্ৰত অনিশ্চয়তাৰ সৃষ্টি হৈছে। আনহাতে চুতীয়া মিৰি আৰু ছানকঢ়া (মিৰি) দেউৰী জনজাতীয় আৰু ডাঙৰ ডাঙৰ বগলী ভােটাৰ সকলে কাক সমর্থন দিব-তাৰো কোনাে নিশ্চয়ত নাই। এনে ধামখুমীয়াৰ মাজতে মিছিং জনজাতীয় ভােটাৰৰ প্রাধান্য থকা মাজুলীৰ ভকত আৰু সত্ৰাধিকাৰ সকলে যদি সমর্থন দিয়ে, তেন্তে বিৰােধী পক্ষৰ প্রার্থী গৰাকী বিজয়ী হােৱাৰ পূর্ণ সম্ভাবনা থকা বুলি সচেতন মহলে মত প্রকাশ কৰে। অৱশ্যে, অৰিয়া অৰিৰ মাজত কোন গৰাকী প্রার্থীয়ে শেষ হাঁহি মাৰিব কিম্বা কোন গৰাকী প্রার্থীক পৰাস্ত কৰি ভােটাৰে চূণৰ ফোট দিব-সেয়া সময়েহে কব৷প্রবল পৰাক্ৰমী শাসনাধিষ্ঠ পক্ষৰ প্রার্থী গৰাকীক হতভম্ভ কৰি মাজুলীৰ নিৰ্বাচনত জাহাজ’ৰ প্রতীকেৰে বিৰােধী প্রার্থী গৰাকী বিজয়ী হলে মাজুলীৰ নির্বাচনী ইতিহাসত এক নতুন অধ্যায় সংযােজিত হ’ব বুলিও অনেকে মত প্রকাশ কৰে।