“মাঘৰ বৰষুণ” – কমুদ চন্দ্ৰ মেধি

pc Skymet Weather

দীনবন্ধু পাঠকৰ বিয়া হোৱা চাৰিবছৰ পাৰ হৈ গʼল। কোনো নতুন আলহী অহা নাই বাবে পৰিয়ালৰ মাজত চিন্তা। অৱশ্যে পাঠকে নিজে কথাটো ইমান চিৰিয়াচ বুলি ভবা নাই। বিয়াৰ পিচতেই সন্তান পাঠকৰ পৰিবাৰে বিচৰা নাছিল। সময় পাৰ হৈ যোৱাত ঘৰৰ মানুহবোৰে কথাটো কোৱা-কুই কৰিলে। মাকে এদিন পাঠকক খোলাখুলিকৈ সুধিলে ভাতৰ টেবুলত-

– বোপা দীন, দেউতাৰাই নাতিৰ মুখ চাব বিচাৰিছে। তঁহতে বা কি ভাবিছ? দেৰী কৰিব নেলাগে। লাজ লাজকৈ পাঠকে “হʼব দে মা। আমিও কথাটো আলোচনা কৰিছো” বুলি কৈ তাৰা তাৰি খোৱা শেষ কৰি উঠি গʼল।

পূজাৰ বন্ধত ঘৰলৈ আহিছিল পাঠক। নিজৰ গাওঁখনলৈ পাঠকে বাৰু নহাকৈ কেনেদৰে থাকে। সৰুকালৰ স্মৃতিয়ে বৰকৈ আমনি কৰে। সেয়েহে উৎসৱ-পাৰ্ৱনৰ সময়ত গাওঁখনত আহি উপস্থিত হয়। সৰুকালৰ লগৰীয়াবোৰে চাকৰি সূত্ৰে গাওঁখন এৰিলে। ভালেকেইজন বন্ধু গুৱাহাটীত মাটি-ঘৰ কৰি গুৱাহাটীয়া হʼল। পাঠকেও এটুকুৰা মাটি বাসস্থানৰ বাবে গুৱাহাটীত কিনি থৈছে যদিও এতিয়ালৈ ঘৰ সজা নাই। ৰাজধানী এলেকাত চৰকাৰী বাসভৱনতে আছে। বিয়াৰ ছমাহ পিছতে পৰিবাৰকো লৈ আহিল।

পূজাৰ ছুটী শেষ হোৱাত পাঠক ঘৰখন এৰি আহিব ওলোৱাত মাকে বোৱাৰীয়েকে শুনাকৈ কʼলে-

– বোপা, কথাটো মনত ৰাখিবি।

বোৱাৰীয়েক ৰীমাই ইতিমধ্যে কথাটো পাঠকৰ পৰা গম পাইছিল। সেয়েহে সেৱা জনাই মাকৰ ফালে চাই ʼʼহʼব মাʼʼ বুলি কৈ গাড়ীত বহি লʼলে।

মধ্যম গতিত গাড়ী চলাই আহি থকা পাঠকে কেতিয়ানো ৰীমাৰ লগত মাকে কোৱা কথাটো আলোচনা কৰিব পাৰে তাৰেই ক্ষণ গণি আছিল। সঁচাকৈয়ে মনত ভাবি থকা কিছু কথা সঠিক সময়ত মানুহে কʼব নোৱাৰে। ওলাই অহা কথাবোৰ যেন ডিঙিত আহি ৰৈ যায়। কিহবাই মুখত সোপা মাৰি ধৰাৰ লেখীয়া অনুভৱ হয়।

গাড়ীৰ ভিতৰত বাজি থকা সুমধুৰ গীত শুনি শুনি ৰীমাৰ চকু লাহে লাহে দোঁ খাই গৈছিল। টোপনিত মাজে মাজে চকু মুদ খাই গৈছিল। পাঠকে গাড়ী চলাই সেয়া লক্ষ্য কৰি আছিল যদিও ৰীমাক নমতাকৈয়ে গাড়ী চলাই আহি আছিল ওখোৰা মোখোৰা ৰাস্তাখিনিত গাড়ীৰ গতিবেগ কমাই দিলে। পিচে হঠাৎ এটা জোকাৰণিত চক্-মক্ কৈ সাৰ পাই গʼল। পাঠকে লগে লগে মাত লগালে-

-কিহে টোপনি ভাগিল নেকি? ইমান ধুনীয়া টোপনি অহা বাবে ময়ো মনে মনে আছিলো।

-সেয়া আপুনি ঠিক কৰা নাই। টোপনি অহা যেন দেখিলে আপোনি মাতি দিব লাগে। খিৰিকীৰে অহা বতাহজাক গাত লাগিলে টোপনিৰ ভাবটো আহিবই দিয়কচোন। ৰীমাই নিজকে বচোৱা ধৰনেই কথাখিনি কʼলে।

– সেইবাবেইতো মই মতা নাই।

-নহয় নহয়। মোৰ টোপনি দেখি আপোনাৰো হয়তো টোপনিৰ ভাব আহি যাব পাৰে। তেতিয়াতো সৰ্বনাশ হʼব। গতিকে –

ৰীমাই কথাখিনি শেষ নৌহওঁতেই পাঠকে মাত লগালে।

-হʼব দিয়া। এতিয়া টোপনি ভাগিছেতো। শুনা, মাই যে অহাৰ সময়ত কথাষাৰ কʼলে বুজিছাতো?

-পূজাৰ উৎসৱমুখৰ পৰিৱেশত ব্যস্ত থকাৰ বাবে মই যে আপোনাক কোৱা নাই। ভাবিলো মা দূৰ্গাৰ আশীৰ্বাদ লোৱাৰ পিছত আপোনাক জনাম।

অতি আচৰিত হৈ পাঠকে সুধিলে-

-মানে ?

– মানে আৰু কি? মই আপোনাৰ সন্তানৰ মা হʼবলৈ ওলাইছোঁ।

– ইমান মনে মনে?

-আপোনিতো কেৱল অফিচটোহে চিনি পায়। ফাইলবোৰৰ লগতহে আপোনাৰ প্ৰেম। গতিকে মই নিজে নিশ্চিত হোৱাৰ পিছত কথাষাৰ কʼম বুলি ভাবি আছিলোঁ।

উগুল থুগুল ভাব এটা লৈ কি কওঁ নকওঁকৈ পুনৰ পাঠকে সুধিয়ে পেলালে।

-উৱা কি আচৰিত! কোৱাচোন কʼত confirm খবৰটো পালা?

-আপোনাৰ লগত একেলগে পঢ়া বান্ধৱী ডাঃ মীনা গোস্বামীৰ পৰা।

পাঠকে আনন্দত আত্মহাৰা হৈ পৰিল। বাওঁহাতখনেৰে ৰীমাক কাষলৈ টানি আনি কপালত এটিচুমা আঁকি দিলে।

হাতখন লাহেকৈ ঠেলা মাৰি দি ৰীমাই অভিমান কৰি কʼলে-

-হʼব হʼব। লেৰেলা মৰম চেলাব নালাগে। সমুখলৈ চাই ভালদৰে গাড়ী চলাওক।

এই বুলি কৈ ৰেডিঅ’ৰ ভলিউমটো বঢ়াই দিলে।

ঘৰৰ সমুখতে গাড়ীখন ৰখাই পাঠকে ৰীমাক ভিতৰলৈ যোৱাৰ কথা কʼলে। ৰীমাই গাড়ীৰ দৰ্জাখন মেলি কাপোৰৰ বাকচটো লৈ যাব খোজোতে পাঠকে চিঞৰি উঠিল-

-যোৱা। বাকচ দাঙিব নালাগে। তুমি ভিতৰলৈ গৈ মোৰ বাবে একাপ চাহ কৰাগৈ। মই বস্তুবোৰ লৈ গৈ আছো। পাঠকে কোৱা কথাৰ অৰ্থ ৰীমাই ভালদৰে বুজি পাইছিল যদিও কোনো উত্তৰ নিদি মিচিকিয়া হাঁহি এটা মাৰি ঘৰৰ ভিতৰলৈ গʼল।

পাঠকে গাড়ীৰ পৰা বস্তুবোৰ উলিয়াই নিজেই আনি ঘৰ সুমুৱালে। মাকে ঘৰৰ বাৰীৰ পৰা তুলি দিয়া শাক, কলফুল আৰু নেমুটেঙা আদি ভাগে ভাগে ফ্ৰিজত ভৰাই থৈ হাতমুখ ধুই খোৱা টেবুলত আহি হাজিৰ হʼল। ৰীমাৰ মুখত কথাটো শুনাৰ পৰা তাৰ মন অনন্দত হিয়া নধৰা অৱস্থা। একেলগে দুয়োৱে চাহ খাবলৈ বহিল।

-যাহওঁক এটা ডাঙৰ চিন্তাৰ পৰা তুমি মুক্ত কৰিলা ৰীমা।

-কিনো ডাঙৰ চিন্তা?

-এই যে মই আকাশ পাতালবোৰ চিন্তা কৰি আছিলোঁ।

-মানে?

– মানে আৰু কি? তোমাক কোন ডাক্তৰৰ ওচৰলৈ লৈ যাম। নহলে বা কাৰ পৰামৰ্শ লʼম ইত্যাদি ইত্যাদি। আহিবই দিয়াচোন মনলৈ নানান চিন্তা।

-ৰীমাই চাহৰ কাপটোৰ পৰা হাতখন আঁতৰাই পাঠকৰ মুখত সোপা দি ধৰিল।

-হʼব, এতিয়া সেইবোৰ কথা নহয়। পাচৰ সময় খিনিৰ কথা চিন্তা কৰক।

-এৰা, ঠিকেই কৈছা। এতিয়া সৱধানে চলাৰ সময়।

-মোক বাকচটো আনিব নিদিওঁতেই মই বুজি পাইছো দিয়ক। ইতিমধ্যে আপোনাৰ সাৱধানতা আৰম্ভ হʼলেই।

-যাহওঁক, তুমিযে কথাবোৰ বুজি পাইছা তাতেই মই সুখী। বাকীবোৰ সময়ৰ লগে লগে ঠিক হৈ যাব। ডাক্তৰনী মীনাতো আছেই তোমাৰ পৰামৰ্শাদাতা। গতিকে চিন্তা কিহৰ। যোৱা এতিয়া খোৱাৰ যোগাৰ কৰা ৷ পাচলিখিনি ইয়াতে দিয়া মই কাটি দিওঁ।

পাঠকৰ কথা শুনি ৰীমাই মাত নিদিয়াকৈ থাকিব নোৱাৰিলে।

-উৱা! আজি দেখোন শেনৰ এজাত। আনদিনা মই ৰান্ধি থকা সময়ত টিভিৰ সমুখৰ পৰা উঠি অহাৰ আহৰি নাই । আজি পাচলি কাটিম বুলি কʼলে যে-

-আজিৰ তাৰিখটো বেলেগ নহয় জানো। গতিকে অলপ সহায় কৰি দিওঁ দিয়া। পাঠকে উওৰ দিলে।

চকিখন লাহেকৈ ঠেলি দি ৰীমাই কʼলে-

-হʼব যাওঁক। গাড়ী চলাই ভাগৰ লাগি আহিছে। অলপ আৰাম কৰকগৈ। অহাকালিৰ পৰা সহায় কৰিলেও হ’ব দিয়ক।

ৰীমাৰ কথা শুনি পাঠক লাহেকৈ উঠি গৈ বিছনাত বহি টিভিটো অন কৰি দিলে।

লাহে লাহে সময় বাগৰিল। ৰীমাৰ কোলালৈ দুটী যমজ সন্তান আহিল। পাঠকৰ মনত অপাৰ আনন্দ। দুয়োটি শিশুক অতি মৰমেৰে দুয়ো ডাঙৰ দীঘল কৰিব ধৰিলে। মৰমতে ডাঙৰজনৰ নাম সোন আৰু সৰু জনৰ নাম জোন ৰাখিলে। থুনুক থানাক মাতেৰে পাঠকৰ সৰু ঘৰখন জীপাল হৈ উঠিল। দুবছৰ পাৰ হোৱাৰ লগে লগে পাঠকে দুয়োজনক কি স্কুলত পঢ়ুৱাব সেইবোৰ কথাকে বন্ধুবৰ্গৰ লগত আলোচনা কৰিব ধৰিলে। কোনোৱে অসমীয়া মাধ্যমত আৰু আন কোনোৱে ইংৰাজী মাধ্যমত পঢ়ুৱাৰ উপদেশ দিলে যদিও পাঠকে ৰীমাৰ লগত কথা পাতিহে সিদ্ধান্ত লোৱাৰ কথা জনালে। তেনেকৈয়ে এদিন ৰাতি শুবৰ পৰত পাঠকে কথাটো উলিয়ালে ৰীমাৰ ওচৰত। ৰীমাৰ উত্তৰ শুনি পাঠক আচৰিত হʼল। ৰীমাই কʼলে-

-ইমান আগতীয়াকে সেইবোৰ ভাবিব নেলাগে। পিচে পৰেও চিন্তা কৰিলে হʼব। তাৰ আগতে গুৰুত্বপূর্ণ খবৰটো শুনা।

-গুৰুত্বপূর্ণ খবৰ? আচৰিত হৈ পাঠকে সুধিলে।

পাঠকৰ গালত চিকুটি দি ৰীমাই কʼলে-

-আমাৰ সংসাৰলৈ তৃতীয় সন্তান আহি আছে।

পাঠকে কব নোৱাৰাকৈয়ে ৰীমাক মৰমতে বিচনাত সাৱটি ধৰিলে।

হাতদুখন আঁতৰাই দি ৰীমাই কʼলে-

–এৰক, সোন-জোন সাৰ পাই যাব এতিয়া।

পাঠক নিশ্চুপ হৈ কেচুৱা দুটিৰ কাষত শুই পৰিল।

কিছু সময়ৰ পিচতেই ৰীমাৰ টোপনী আহিল। পাঠকৰ কিন্তু চকু মুদ নেখানে। কিছুমান চিন্তাই মূৰত আহি যেন বাহ ল’লে। নভবা কথাবোৰে আহি মনৰ দুৱাৰত খুন্দিয়াবলৈ ধৰিলে। দুবছৰ পাৰ হোৱাৰ পিছতো পাঠকৰ সংসাৰলৈ নতুন আলহীৰ আগমন নোহোৱা কথাটো বন্ধুবর্গই যেন সহজ ভাবে ল’ব পৰা নাছিল। অপযশৰ পৰা আঁতৰি থাকিবলৈ আটাইকে কথাবোৰ বুজাবৰ চেষ্টা কৰিছিল যদিও ৰীমাক কেতিয়াও মৰমৰ পৰা বঞ্ছিত কৰা নাছিল। কোনো তেনেকুৱা কথা আনকি ৰীমাৰ লগত আলোচনাও কৰা নাছিল। কিন্তু সমাজৰ প্ৰশ্নবোৰৰ উত্তৰ দিবৰ বাবে নিজকে সাজু কৰাবলগীয়া হৈছিল। অলাগতিয়াল চিন্তাই টোপনীত ব্যাঘাত জন্মোৱা বাবে নিজৰ ওপৰতে পাঠকৰ খং উঠিল। এনেতে টেবুলত থোৱা ফনটো বাজিবলৈ ধৰিলে। দুয়োটি শিশু সাৰ পাই যাব বুলি ভাবি ততাতৈয়াকৈ  বিচনাৰ পৰা উঠি গৈ মʼবাইলটো লৈ দৰ্জাৰ বাহিৰ ওলাই গʼল।

ওপৰৱালাৰ ফোন। কথা পাতি আহি ৰীমাক ক’লে—

– শুনিছানে ৰীমা। যাবলগীয়া হʼল। তুমি…..

-হʼব দিয়ক গম পাইছোঁ। পুলিচৰ লগত সংসাৰ কৰাৰ এয়া পৰিনাম।

ইতিমধ্যে পাঠক যাবৰ বাবে সাজু হʼল ৷

* * *