মাকনি অ’ উজাই যাও ব’ল,-শ্ৰী জিণ্টুমণি বৰুৱা

pc- changeorg.

মাকনি অ’ উজাই যাও ব’ল,

মাকনি অ’ উজাই যাও ব’ল,
কাপোৰ কেযোৰমান ল’
নাকটো ঢাকিব লাগিব নহয়।
খাবলৈ চাউল এমুঠিও ল’
দুদিন পাছত এনেও পেটত গামোছা বান্ধিবই লাগিব।

খেতিডৰা ভালেই হৈছিল অ’
কিনো কৰিবি, আমাৰেই কপাল ফুটা;
চৰকাৰক নো কিমান দূষিম।
দুখীয়াৰ দুখ ভগবানেও নুবুজে অ’ মাকনি

মাকনি উজাই যাও ব’ল,
এইবাৰ লুইত বোলে আৰু আগুৱাব।
খেতিমাটি খিনিটো নাবাছিলেই
কাইলৈ গৈ পৰহিলৈ ভেটিটোও লুইতে নিবই।
খেতি, ভেটি নোৱাৰিলেও দেহদুটাটো বছাব লাগিবই অ’ মাকনি,
ব’ল অ’ উজাই যাও ব’ল,

গাওঁৰ ৰামধন, হৰি কাই হতে বান্ধ দিছে।
বাঁহৰ বান্ধেৰে লুইতক কেনেকৈ বাধা দিব
যা! টালি টোপোলা বান্ধ
চাউল দুটামানো সিজাবি
নিজৰ ভেটিত আজিয়ে শেষ ভাতসাজ খাম।
মাকনি অ’ উজাই যাওগৈ ব’ল !!

শ্ৰী জিণ্টুমণি বৰুৱা
ভোলানাথ বৰুৱা মহাবিদ্যালয়
২৯- ০৫- ২০২১
ফোন ৭০৯৯৫৯৫৭৮৭