মাইক্ৰ’ফাইনেন্সৰ ঋণ ৰেহাইৰ চৰ্তসমূহ

pc The Economic Times
  1. ২০২০ চনৰ ৩১ ডিচেম্বৰৰ পাছত মাইক্ৰ’ ফাই নেন্সৰ পৰা ঋণ লোৱা লোকে সুবিধা নাপাব ৷ কেৱল ২০২০ চনৰ ৩১ ডিচেম্বৰৰ ভিতৰত ঋণ গ্ৰহণকাৰীকহে এই আঁচনিৰ আওতাত সামৰি লোৱা হ’ব ।
  2. যিসমূহ পৰিয়ালৰ বছৰি আয় ১ লাখ টকাতকৈ অধিক, উক্ত পৰিয়ালসমূহক ঋণ মাফ দিয়া নহয় ৷
  3. চাৰিকীয়া বাহন থকা পৰিয়ালসমূহেও লাভ নকৰিব এই সুবিধা। টিভি, ৰেফ্রিজাৰেটৰ থকা পৰিয়ালসমূহ সন্দৰ্ভতো চৰকাৰে বিবেচনা কৰি আছে।
  4. যিসমূহ এজনতকৈ অধিক লোকে মাইক্ৰ’ ফাইনেন্সৰ পৰা ঋণ লৈছে উক্ত পৰিয়ালসমূহো চৰকাৰৰ ঋণ মাফ আঁচনিৰ আওতাত নপৰিব।
  5. ঋণ মাফৰ এক নির্দিষ্ট সীমা থাকিব। উক্ত সীমাৰ ওপৰত চৰকাৰে গ্ৰাহকক ঋণ মাফ কৰি নিদিয়ে। এই সীমা ৫০ হেজাৰ টকাৰ পৰা ১ লাখ টকাৰ ভিতৰত হোৱাৰ সম্ভাৱনাই অধিক। অর্থাৎ ১ লাখ টকাৰ ওপৰত মাইক্ৰ’ ফাইনেন্সৰ পৰা ঋণ লোৱা লোকে ঋণ মাফ আঁচনিৰ সুবিধা গ্ৰহণ নকৰিবও পাৰে৷ অৱশ্যে এইক্ষেত্ৰত চূড়ান্ত সিদ্ধান্ত গ্রহণ প্রক্রিয়া এতিয়াও বাকী।
  6. এন পি এ (নন পাৰফর্মিং এছেট) হোৱা ঋণ চৰকাৰী বিবেচনাত নাহে। অর্থাৎ এন পি এ হোৱা গ্ৰাহকক চৰকাৰে ঋণ মাফ কৰি নিদিয়ে।
  7. স্বাস্থ্য আৰু শিক্ষাৰ বাবে গ্ৰহণ কৰা ঋণ চৰকাৰে মাফ নকৰে।