মাইক্র’ ফাইনেঞ্চৰ ঋণ ৰেহাইক লৈ মুখ্যমন্ত্ৰীৰ নতুন মন্তব্য

pc twitter

মাইক্র’ ফাইনেঞ্চৰ ঋণ ৰেহাইক লৈ মুখ্যমন্ত্ৰীৰ নতুন মন্তব্য

গুৱাহাটীঃ মাইক্র’ ফাইনেঞ্চৰ ঋণ ৰেহাইক লৈ চলি থকা চর্চাৰ মাজতে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই বিষয়টোক লৈ পুনৰ এক গুৰুত্বপূর্ণ মন্তব্য কৰিছে৷ মুখ্যমন্ত্রী গৰাকীয়ে কয় যে ৰিজার্ভ বেংকৰ নীতি–নিয়ম অনুসৰিয়েই ৰেহাই দিয়া হ’ব মাইক্র’ ফাইনেঞ্চৰ ঋণ৷ ঋণ ঘূৰাই দিব নোৱাৰিলে তেওঁলোকক পুনৰ বেংকে লোন নিদিয়ে৷ এই নিয়ম মুখ্যমন্ত্রী, মুখ্য সচিব, উপায়ুক্তৰ ক্ষেত্রতো একেই৷ ৰাজ্য চৰকাৰে যি নীতিৰ আধাৰত ঋণ পৰিশোধৰ ঘোষণা কৰিছে, সেয়া ৰিজার্ভ বেংকৰ নিয়ম অনুসৰিয়েই হ’ব৷ এই নিয়ম কোনেও সলনি কৰিব নোৱাৰে৷ উল্লেখ্য যে সোমবাৰে মুখ্যমন্ত্রী ড০ শর্মাই লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতালৰ নির্মীয়মাণ চৌহদ পৰিদর্শন কৰি চিকিৎসালয়খনৰ নির্মাণকার্যৰ অগ্রগতিৰ বুজ লোৱা সময়ত এই মন্তব্য কৰে।এই পৰিদর্শন কালতেই তেওঁ চিকিৎসা মহাবিদ্যালয় কর্তৃপক্ষ, লোকনির্মাণ বিভাগ, লখিমপুৰৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ সৈতে এক বৈঠকত মিলিত হয়৷ বৈঠকত লোকনির্মাণ বিভাগক চিকিৎসা মহাবিদ্যালয়খনৰ ভৱনসমূহ নির্মাণকার্য সোনকালে সমাপ্ত কৰাৰ বাবেও নির্দেশ দিয়ে।