মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ লাভলিনা বৰগোহাঁইৰ

Pc myKhel

মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ লাভলিনা বৰগোহাঁইৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  নতুন দিল্লীৰ ইন্দিৰা গান্ধী ক্ৰীড়া কমপ্লেক্সত অনুষ্ঠিত হোৱা আই বি এ মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ অসম কন্যা লাভলীনা বৰগোহাঁইৰ।প্ৰি-কোৱাৰ্টাৰ ফাইনেলত লাভলীনাই ৭৫ কেজি শাখাত মেক্সিকোৰ ভেনেছা অৰ্টিজক ৫-০ ব্যৱধানত পৰাস্ত কৰে।মেচৰ অন্তত লাভলীনাই কয় যে এই জয়ে তেওঁৰ আত্মবিশ্বাস বঢ়াই তুলিব। আনহাতে তেওঁ মেচৰ পূৰ্বে প্ৰস্তুত কৰা ৰণনীতি অনুসৰি খেলিব পৰাৰ কথা উল্লেখ কৰে। উল্লেখ্য যে পৰৱৰ্তী মেচত লাভলীনাই জয়লাভ কৰিলেই পদক লাভৰ বাট মুকলি হ’ব।