মহাৰাষ্ট্ৰৰ জলগাঁওত হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত, ১ জন পাইলটৰ মৃত্যু

pc The Economic Times

অনলাইন বাৰ্ত্তাসেৱা – মহাৰাষ্ট্ৰৰ জলগাঁৱত এখন হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হোৱাত নিহত হয় এজন পাইলট আৰু গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় আন এজন। আৰক্ষী আৰু স্থানীয় কৰ্তৃপক্ষ যথাসময়ত ঘটনাস্থলীত হয়। প্ৰশিক্ষণ বিমানখন মহাৰাষ্ট্ৰৰ এন.এম.আই.এম.এছ. একাডেমী অব্ এভিয়েচনৰ অংশ আছিল। কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহন মন্ত্ৰী জ্যোতিৰাদিত্য এম. সিন্ধিয়াই টুইটাৰযোগে শোক প্ৰকাশ কৰে আৰু উল্লেখ কৰে যে এটা তদন্তকাৰী দল ঘটনাস্থলীলৈ ততাতৈয়াকৈ পঠিওৱা হৈছে।