মহাৰাষ্ট্ৰই কেন্দ্ৰৰ পৰা ৯০ লাখ কোভিড-১৯ ভেকছিন পালি বিচাৰে

p.c. The Indian Express

মহাৰাষ্ট্ৰই কেন্দ্ৰৰ পৰা ৯০ লাখ কোভিড-১৯ ভেকছিন পালি বিচাৰে

ৰঙিলী বাৰ্ত্তাসেৱা–  মহাৰাষ্ট্ৰ চৰকাৰে ৰাজ্যখনত টিকাকৰণৰ কোভাৰেজ বৃদ্ধি কৰিবলৈ কেন্দ্ৰৰ পৰা ৪০ লাখ কভাক্সিন আৰু ৫০ লাখ কভিশ্বিল্ড পালি দাবী কৰিছে।  কোভিড-১৯ পৰিস্থিতি সন্দৰ্ভত মুখ্যমন্ত্ৰীসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠকত এই দাবী উত্থাপন কৰা হয়। মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেয়ে স্বাস্থ্যজনিত কাৰণ উল্লেখ কৰি সভাখনত উপস্থিত নাছিল আৰু স্বাস্থ্য মন্ত্ৰী ৰাজেশ টোপেক তেওঁৰ ঠাইত নিযুক্তি দিছিল।