মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ‌ গুৰুজনাৰ তিৰোভাৱ তিথি উপলক্ষে- হিমাদ্ৰী বৰকটকী

মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ‌ গুৰুজনাৰ তিৰোভাৱ তিথি উপলক্ষে তেখেতৰ বিষয়ে দুৱাষাৰমান লিখনি আপোনালোকৰ আগত আগবঢ়ালোঁ 

” তেজৰে কমলাপতি পৰভাতে নিন্দ
তেৰি চান্দ মুখ পেখোঁ উঠৰে গোবিন্দ “

মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে ১৪৮৯ চনত লক্ষীমপুৰ জিলাৰ নাৰায়ণপুৰৰ লেটেকুপুখুৰী নামৰ ঠাইত জন্মগ্ৰহণ কৰিছিল । তেখেতৰ পিতৃৰ নাম আছিল গোবিন্দ ভূঞা আৰু মাকৰ নাম আছিল মনোৰমা। মাধৱদেৱৰ এজন ককায়েক আৰু এগৰাকী ভনীয়েক আছিল। মাধৱদেৱ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰিয় শিষ্য আছিল। গুৰুজনাই মাধৱদেৱক ” বঢ়াৰ পো” বুলি সম্বোধন কৰিছিল । মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক লগ পোৱাৰ আগলৈকে মাধৱদেৱ শাক্ত আছিল। ১৫২২ চনৰ শৰৎ কালত মহাপুৰুষ মাধৱদেৱৰ প্ৰথম সাক্ষাৎ হৈছিল শ্ৰীমন্ত শংকৰদেৱৰ লগত। মহাপুৰুষ দুজনাৰ এই মিলনৰ সময়খিনিক ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাই ” মনি-কাঞ্চন সংযোগ ” বুলি অভিহিত কৰিছে। প্ৰথম সাক্ষাততে দুয়োজনা গুৰুৱে শাক্ত আৰু বৈষ্ণৱ ধৰ্মৰ বিষয়ে তৰ্কযুদ্ধত লিপ্ত হৈছিল। শেষত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ লগত তৰ্কযুদ্ধত পৰাজয় স্বীকাৰ কৰি মাধৱদেৱে তেখেতৰ চৰণ লৈ গোটেই জীৱন বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ বাবে নিজকে উচৰ্গিত কৰে। মহাপুৰুষ মাধৱদেৱে ভক্তিৰত্নাৱলী , নামঘোষা, বৰগীত আদি ৰচনা কৰিছিল। মাধৱদেৱে ৰচনা কৰা বৰগীত সমোহৰ ভিতৰত ” তেজৰে কমলাপতি ” বৰগীতটো সকলোৰে মুখে মুখে। মাধৱদেৱে ৰচনা কৰা নাটসমূহ হ’ল -” অৰ্জুন ভঞ্জন , চোৰধৰা পিম্পৰা গুচোৱা , ভূমি লেটোৱা , ভোজন বেহাৰ , ব্ৰহ্মামোহন , ৰাস ঝুমুৰা , ভূষন হৰন কোটোৰা খেলা আৰু দধীমথন আদি। মহাপুৰুষ মাধৱদেৱে ১৫৯৬ চনৰ ভাদ মাহৰ কৃষ্ণা পঞ্চমী তিথিত ১০৭ বছৰ বয়সত কোচবিহাৰত পৰলোক গমন কৰে। সেয়েহে আমি প্ৰতি বছৰে ভাদ মাহৰ কৃষ্ণা পঞ্চমীৰ দিনা মাধৱদেৱৰ তিৰোভাৱ তিথি পালন কৰি আহিছোঁ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দৰে মাধৱদেৱেও অসমৰ ধৰ্ম, ক’লা – সংস্কৃতি , ভাষা, সাহিত্য, ৰিতি নীতি, সংগীত আদি সকলোতে বহুমূলীয়া অৱদান আগবঢ়াই থৈ গৈছে। গতিকে প্ৰতি গৰাকী অসমীয়াই এই মহাপুৰুষ দুজনাক সদায় স্মৰণ কৰাৰ লগতে তেওঁলোকৰ অৱদানসমুহ ধৰি ৰখাটো উচিত।

হিমাদ্ৰী বৰকটকী
নগাঁও