মহানগৰীৰ বিলাসী এপাৰ্টমেণ্টত আভিজাত্যৰ ড্ৰাগছ পাৰ্টী

pc-DW

মহানগৰীৰ বিলাসী এপাৰ্টমেণ্টত আভিজাত্যৰ ড্ৰাগছ পাৰ্টী

অনলাইন বাৰ্ত্তাসেৱা– ৰাজ্য চৰকাৰৰ দায়িত্বভাৰ গ্ৰহণ কৰিয়েই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰাৰ সময়তে মহানগৰীৰ মাজমজিয়াত এক ভয়ংকৰ ছবি উন্মোচিত হʼল। ৰাজ্য চৰকাৰৰ নিৰ্দেশত অসম আৰক্ষীৰ কঠোৰ স্থিতিক উপলুঙা কৰি মহানগৰীৰ একাংশ অভিযাতলোকে জন্মদিন উৰ্দযাপনৰ নামত বিলাসী ফ্লেটত আয়োজন কৰিলে ড্ৰাগছ পাৰ্টী। মহানগৰীৰ ব্ৰহ্মপুত্ৰ পাৰৰ ফাৰঘুলিত বিলাসী ‘ৰিভেৰিয়া এপাৰ্টমেণ্ট’ত মাজনিশা চলি থকা কোকেইনৰ পাৰ্টীত হঠাতেই মহানগৰ আৰক্ষীয়ে অভিযান চলায় মহানগৰীৰ কেইবাটাও অভিযাত পৰিয়ালৰ পুৰুষ-মহিলাই ড্ৰাগছ আসক্ত হৈ থকাৰ সময়ত আৰক্ষীৰ জালত পৰিল ১৮জন লোক। অমৃত বৰুৱা নামৰ লোকজনৰ জন্মদিন উপলক্ষে মহানগৰীৰ বিল্ডাৰ বিকাশ জৈনৰ ফ্লেটত ৰেভ পাৰ্টী চলি থকাৰ সময়তে গ্ৰেপ্তাৰ হোৱা লোককেইজনৰ সৰবভাগেই সুপ্ৰতিষ্ঠিত ব্যৱসায়ী-ঠিকাদাৰ।

 

(R.T)