মহানগৰীত ৰন্ধন গেছৰ নাটনিৰ সুযোগ গ্রহণ কৰি কলা ব্যৱসায়ীসকলে মহানগৰীত ৰন্ধন গেছৰ চলাইছে ৰমৰমীয়া ব্যৱসায়

pc DNA India

মহানগৰীত ৰন্ধন গেছৰ নাটনিৰ সুযোগ গ্রহণ কৰি কলা ব্যৱসায়ীসকলে মহানগৰীত ৰন্ধন গেছৰ চলাইছে ৰমৰমীয়া ব্যৱসায়

ৰঙিলী বাৰ্ত্তাসেৱা- উত্তৰ গুৱাহাটীস্থিত বটলিং প্ৰান্তৰ পৰা যোৱা প্ৰায় ২৫ দিন ধৰি অনিয়মিতভাৱে গুৱাহাটী মহানগৰীলৈ ৰন্ধন গেছৰ চিলিণ্ডাৰ সৰবৰাহ হৈছে। অজ্ঞাত কাৰণত উত্তৰ-গুৱাহাটীৰ পৰা গুৱাহাটীলৈ সীমিত গেছ চিলিণ্ডাৰ সৰবৰাহ হোৱাৰ বাবে শিলচৰৰপৰা এজেন্সিসমূহে বন্ধন গেছৰ চিলিণ্ডাৰ আনি গ্ৰাহকক যোগান ধৰিছে। ফলত গুৱাহাটী মহানগৰীত ৰন্ধন গেছৰ নাটনিয়ে দেখা দিছে। ইপিনে, এই সুযোগ গ্রহণ কৰি কলা ব্যৱসায়ীসকলে মহানগৰীত ৰন্ধন গেছৰ ৰমৰমীয়া ব্যৱসায় চলাই আহিছে। অসাধু ব্যবসায়ীসকলে কলা বজাৰত প্ৰতিটো ঘৰচীয়া গেছ চিলিণ্ডাৰ ১২০০-১৩০০ টকাত বিক্ৰী কৰিছে। ইপিনে, ঘণ্টাৰ পাছত ঘণ্টা ধৰি গ্ৰাহকসকলে গেছ এজেন্সীত চিলিণ্ডাৰৰ বাবে বোন্দাপৰ দি থাকিবলগীয়া হৈছে। উত্তৰ-গুৱাহাটীৰ গেছ বটলিং প্ৰান্তৰ এক বিধ্বস্ত সূত্রই সদৰী কৰা মতে, পাল্টত গেছৰ উৎপাদন বিগত ১৫ দিন ধৰি হ্ৰাস পাইছে। প্লাণ্টৰ, ‘ছিকিউৰিটি চেক’ কৰা তথা মেচিন মেৰামতি কৰি থকাৰ বাবে প্ৰাণ্টত পর্যাপ্ত পৰিমাণৰ গেছ চিলিণ্ডাৰ উৎপাদন কৰিব পৰা হোৱা নাই। ফলত গুৱাহাটীৰ এজেন্সীসমূহলৈ পর্যাপ্ত পৰিমাণে গেছ চিলিণ্ডাৰ যোগান ধৰি পৰা নাই। সেয়েহে গুৱাহাটী মহানগৰীত বিগত প্রায় ১৫ দিন ধৰি গেছৰ চিলিণ্ডাৰৰ নাটনিয়ে দেখা দিছে। অৱশ্যে যোৱা শনিবাৰৰ পৰা প্লান্ট ‘ছিকিউৰিটি’ চেকিত্তৰ কাম সম্পন্ন হোৱা বুলি সদৰী কৰি অহা দুই এদিনৰ ভিতৰত গুৱাহাটীত গেছ চিলিণ্ডাৰৰ যোগান স্বাভাৱিক হ’ব বুলি সূত্ৰটোৱে মতামত ব্যক্ত কৰে।