মহানগৰীত নতুনকৈ চাৰিখন উৰণীয়া সেতু নির্মাণৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে যাৱতীয় ব্যৱস্থা গ্ৰহণ

Pc times of India

মহানগৰীত নতুনকৈ চাৰিখন উৰণীয়া সেতু নির্মাণৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে যাৱতীয় ব্যৱস্থা গ্ৰহণ

ৰঙিলী বাৰ্ত্তাসেৱা- মহানগৰীৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ বৰাগাঁও, গড়চুক, লখৰা আৰু বশিষ্ঠ চাৰিআলিত নতুনকৈ চাৰিখন উৰণীয়া সেতু নির্মাণৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ বিভাগৰ মন্ত্ৰী নীতিন গাডকাৰিয়ে ৰাজ্যসভাত এক লিখিত প্রতিবেদনত এই কথা সদৰী কৰে। ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত নির্মাণ কৰিবলগীয়া উৰণীয়া সেতুৰ বাবে যাৱতীয় পৰিকল্পনা প্রস্তুত কৰিছে। বৰাগাঁও, গড়চুক, লখৰা আৰু বশিষ্ঠ চাৰিআলিত নিৰ্মাণ কৰিবলগীয়া উৰণীয়া সেতুকেইখনৰ বাবে ৰাজ্য চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি ভূমি অধিগ্ৰহণ আৰু প্ৰদূষণমুক্ত পৰিৱেশৰ লগতে অন্যান্য ব্যৱস্থা গ্ৰহণৰ বাবে বিভাগীয় মন্ত্ৰীৰ সহযোগত যাৱতীয় পদক্ষেপ গ্রহণ কৰিছে। উল্লেখ্য যে গুৱাহাটী মহানগৰীত সঘনাই সংঘটিত হোৱা যান-জঁট নিয়ন্ত্ৰণৰ প্ৰতি লক্ষ্য ৰাখি বাট-পথৰ উন্নয়নৰ লগতে মহানগৰীৰ বিভিন্ন স্থানত উৰণীয়া সেতু নির্মাণৰ বাবে গুৱাহাটী মহানগৰ উন্নয়ন সমিতিয়ে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণক বাৰম্বাৰ দাবী জনাই আহিছে। ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে বৰাগাঁও, গড়চুক, লখৰা আৰু বশিষ্ঠ চাৰিআলিত উৰণীয়া সেতু নিৰ্মাণৰ পদক্ষেপ গ্ৰহণ কৰাত মহানগৰ জিলা উন্নয়ন সমিতিয়ে আদৰণি জনাইছে।