মহানগৰীত অব্যাহত অপৰাধ-শাখাৰ ড্ৰাগছবিৰোধী অভিযান

pc-midlifehealthcare

অনলাইন বাৰ্ত্তাসেৱা – মহানগৰীত অব্যাহত আছে ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষী আৰু অপৰাধ-শাখাৰ ধাৰাবাহিক অভিযান। প্রাপ্ত তথ্য অনুসৰি আজি দিছপুৰ থানাৰ অধীনস্থ ওদালবাক্ৰা আৰক্ষী চকীৰ এদল আৰক্ষীয়ে অভিযান চলাই জিন্টু  মণ্ডল (২৫) নামৰ এজন কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। লালগণেশৰ কৃষ্ণনগৰৰ নিজ গৃহৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে জিন্টুক। ওদালবাক্রা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াই প্ৰকাশ কৰা অনুসৰি জিন্টুৰ গৃহৰ পৰা ১২ টা কণ্টেইনাৰত ভৰাই থোৱা ৬ গ্ৰাম সন্দেহযুক্ত ব্ৰাউন ছুগাৰ জব্দ কৰা হয়। তুদুপৰি এটা প্লাষ্টিক বাকচত লুকাই থোৱা নগদ ১,৭২,৬০০ টকা আৰু এখন স্কুটী (এ এছ ০১ বি এছ ৯৩০১) জব্দ কৰা হয়। জিন্টুৰ বিৰুদ্ধে এন ডি পি এছ আইনৰ অধীনত গোচৰ ৰুজু কৰা হৈছে আৰু কাইলৈ আদালতত হাজিৰ কৰোৱা হয়।