মমৰ মূৰ্ত্তি –পুলিন ডেকা

p.cUnsplash

মমৰ মূৰ্ত্তি

ভৱেন দুৱৰাই বিস্ময়াভূতভাবে চাই ৰ’ল উদ্দীপ্তৰ ফালে। খন্তেক আগতে উদ্দীপ্তই কোৱা কথাষাৰ অৰ্থ বিচাৰি একপ্ৰকাৰ অসহায় হৈ পৰিছে দুৱৰা। দুৱাৰ ফোন কৰিছে উদ্দীপ্তক। কিন্তু সঁহাৰি নাপালে । অতি জৰুৰী কাম। কাম নিজৰ নহয়, উদ্দীপ্তৰ। সেইবাবে পোনে পোনে উদ্দীপ্তৰ ঘৰত সোমালে দুৱৰাই। প্ৰায় আধা ঘন্টা পিছত সি ঘৰত প্ৰৱেশ কৰে আৰু তাৰ পিছত…….. উদ্দীপ্তৰ কথাষাৰ বাৰম্বাৰ ক্ৰিয়া কৰিছে দুৱৰাৰ মনত। ‘ মোৰ মোবাইলত কোনোৱাই ফোন কৰি নাপালে মিছকল আহে। আপোনাৰ মিছকল পোৱা নাই।’–কিছু ক্ষোভ মিহলিভাবে কৈ উদ্দীপ্তই দুৱৰাই কাষৰ চোফাখনতেই বহিল। কথাখিনি ইমানেই স্বাভাৱিকভাবে ক’লে যে দুৱৰাৰ মনত এক প্ৰতিক্ৰিয়া হ’ব পাৰে, সেই কথা এটা মুহূৰ্ত্তৰ বাবেও অনুধাৱন কৰাৰ চেষ্টাই নকৰিলে।
অথচ আগতে দুৱাৰ তেনেকুৱা ঘটনাই ঘটিছিল। কিন্তু উদ্দীপ্তৰ উত্তৰ আছিল–‘হ’ব পাৰে দাদা। আজিকালি নেটৱৰ্কৰ সমস্যা।’ কাৰণ আগৰ দুটা দিনত ঘৰত প্ৰৱেশ কৰি মাকৰ সৈতে কথা পতা দেখিছিল। আজি সন্মুখত দেখিছে পৰিমিতাক। এটা ব্যক্তিগত কোম্পানীত কাম কৰে দুৱৰাই। নিজৰ মেধা, অপৰিসীম পৰিশ্ৰমৰে এটা শীৰ্ষ পদত অধিষ্ঠিত হৈছেতেওঁ। কোম্পানীৰ সামাজিক দায়বদ্ধতাৰ কামখিনি চোৱাৰ লগতে বিজ্ঞাপন সম্পৰ্কীয় কামবোৰ কৰে তেওঁ। বিভিন্ন সংবাদ মাধ্যমৰ সৈতে তেওঁৰ এক সুগভীৰ সম্পৰ্ক আছে। সেই সূত্ৰে পৰিমিতাৰ সৈতে দুৱৰাৰ চিনাকী। প্ৰথমে টেলিফোনিক বাৰ্তালাপ আৰু তাৰ পিছত দুদিন প্ৰেছ মিটত লগ পাইছে পৰিমিতাক। এদিন দুৱৰাৰ কোম্পানীত খালী থকা পদৰ বাবে বিজ্ঞাপন প্ৰকাশ পাইছিল। পৰিমিতাই ফোন কৰিছিল। তাৰ পিছত দুৱৰাৰ ওচৰলৈ আহিছিল। যেনে তেনে চাকৰিটোৰ প্ৰয়োজন। বৰ্তমানে যিখিনি দৰমহা পাই আছে, তাৰে ঘৰখন চলাবলৈ অসুবিধা। তাই দুখৰ অসংখ্য কাহিনী কৈ গৈছিল। ঘৰলৈ গ’লেই মাকৰ আছিল এটাই কথা–‘ বিয়া।’ কেতিয়াবা বিয়াৰ কথাক লৈ মাকৰ লগত যুক্তি-তৰ্কত লিপ্ত হৈছিল। পৰিমিতাৰ যুক্তি আছিল –‘ছোৱালী মানুহে নিজৰ ভৰিৰ ওপৰত থিয় দিব লাগে।’ পৰিমিতাৰ কথাবোৰ শুনি দুৱৰাৰ অনুকম্পা জাগিছিল। এদিন অতি সহজে যোগদান কৰিছিল নতুন কৰ্মক্ষেত্ৰত। বাৰ হাজাৰ টকাৰ পৰা নতুন চাকৰিত ত্ৰিশ হাজাৰ টকা লাভ কৰি তাই আত্মবিভোৰ হৈ পৰিছিল। এদিন হঠাৎ পৰিমিতা দুৱৰাৰ ওচৰলৈ আহিছিল। একেটা কোম্পানীত কাম কৰিলেও পৰিমিতাৰ লগত সঘন যোগাযোগ নাছিল। কঠিন বিষয়বস্তু থাকিলে তেওঁক জনায়। দুৱৰাই ৱাটছআপত মেছেজ কৰি উত্তৰ দি পঠিয়ায়।
‘তুমি ইমান চিন্তাক্লিষ্ট যে? কিবা সমস্যা?’– দুৱৰাই এমুখ হাঁহিৰে সুধিছিল।
‘অফিচিয়েল নহয়। একান্ত ব্যক্তিগত। পুনৰ একেই সমস্যাত পৰিছো।’
‘ মানুহৰ জীৱনত সমস্যা আহিব। মই ভাবো জীৱনত এটা বিষয়হে ক্লান্তিবিহীন নহয়, সেয়া হৈছে সমস্যা। সমস্যাৰ বিৰুদ্ধে যুঁজ দি যি আনন্দ পোৱা যায় তাক স’ততে আন ঠাইত বিচাৰি পোৱা নাযায়। কাৰণ সমস্যাই জীয়াই থাকিবলৈ, মস্তিত্বক নতুন চিন্তাৰ পাতনি মেলিবলৈ সুযোগ দিয়ে।’ ‘আপোনালোক ডাঙৰ মানুহ। আপোনালোকৰ সমস্যাৰ সৈতে যুঁজিবলৈ মানুহ আছে। সৰুৰে পৰা অকলে সমস্যাৰ বিৰুদ্ধে সংগ্ৰাম কৰিছোঁ। বহুদূৰ সফল হৈছোঁ।’
‘এইবাৰো তুমি সফল হ’বা।’
‘জীৱনৰ ভৱিষ্যত সম্পৰ্কত যিবোৰ অনুভৱ দেখো, তাত মই আতংকিত হৈ পৰোঁ। বিয়াৰ বাবে ল’ৰা এজন চাইছে। মহানগৰীৰ ভাড়ঘৰত এটা প্ৰেছ চলাই আছে। ব্যৱসায়ক লৈ মোৰ ভয় লাগে।’
খন্তেক সময় দুৱৰাই থমকি ৰৈছিল। চকুৰ সন্মুখত অহৰহ অহা-যোৱা কৰিছে কল্পনাশায়িত ল’ৰাজন। কাৰণ ল’ৰাজনৰ ব্যৱসায়ৰ বিষয়ে সবিশেষ নজনাকৈ কোৱাটো কঠিন। চাকৰিৰ সফলতাৰ পথবোৰ কঠিন। কঠোৰ পৰিশ্ৰম কৰিলেও নিয়ন-নীতি অনুসৰি প্ৰমোচন হ’ব। কিন্তু ব্যৱসায়, এক বিশাল ক্ষেত্ৰ। মানসিক দৃঢ়তা, কঠোৰ পৰিশ্ৰম কৰিলে জীৱনৰ গতিপথ সম্পূৰ্ণ সলাই দিব পাৰে।
‘কি হ’ল? অন্য এখন জগতলৈ গুছি গ’ল যে?’
‘এটা সঠিক সিদ্ধান্ত ল’বলৈ হ’লে বহুমুখী চিন্তাৰ প্ৰয়োজন। সেই চিন্তাবোৰক একত্ৰিত কৰি এটা সূত্ৰ উদ্ভাৱন কৰিব লাগে। তোমাৰ মাৰ প্ৰস্তাৱক সন্মতি জনোৱা উচিত। তুমি প্ৰেৰণা, উৎসাহ যোগাবা,দেখিবা সেই দুখৰ দিন নাইকীয়া হৈ যাব।’
হয়তো দুৱৰাৰ প্ৰশ্নৰ উত্তৰত পৰিমিতা সন্তুষ্ট হ’ব পৰা নাছিল। ইমান জটিল প্ৰশ্ন এটাৰ তৎকালীন সমাধান। তাই জানে – দুৱৰা এজন স্থিতপ্ৰজ্ঞ ব্যক্তি। সদায় মানুহজনে সন্মুখত বৃহৎ কল্পনা লৈয়ে খোজ দিয়ে। নেতিবাচক চিন্তাই গ্ৰাস কৰিব নোৱাৰে। দিনে-নিশাই পৰিশ্ৰম কৰে। ক্লান্তিবিহীন জীৱন। অতি স্বাভাৱিকভাবে জীৱন নিৰ্বাহ কৰে। টকা, প্ৰাচুৰ্যতাই মানুহজনক স্পৰ্শ কৰিব নোৱাৰে। নতুন প্ৰজন্মৰ সৈতে এক আত্মিক সম্পৰ্ক। কাৰো সৈতে কিন্তু নিবিড়তা নিবিচাৰে।
এদিন পুনৰ পৰিমিতাই সুধিছিল। দুৱৰাই গভীৰভাবে বিশ্বাস কৰিছিল উদ্দীপ্তই পৰিমিতাৰ সপোন সাৰ্থক কৰিব পাৰিব। সেইবাবে দুৱৰাৰ স্পষ্ট উত্তৰ আছিল–‘ সঠিক পথত আগবাঢ়িছা, আগুৱাই যোৱা।’ এদিন উদ্দীপ্তৰ সৈতে পৰিমিতাৰ বিয়া হৈ গৈছিল। দুৱৰাই যাব নোৱাৰিলে। মাজে সময়ে কোম্পানীৰ কামৰ বাবে পৰিমিতাই ফোন কৰে। সাধাৰণ খা-খৱৰ। ইয়াতকৈ বেছি সম্পৰ্ক ৰখাৰ বাবে দুৱৰাৰ হাতত সময় নাই। এদিন পৰিমিতাই দুৱৰাক ফোন কৰি কৈছিল–‘ আপুনি এদিন আমাৰ প্ৰেছটো চাবলৈ আহিব লাগে। উদ্দীপ্তই আপোনাৰ লগত চিনাকী হ’লে ভাল পাব।’
‘ সময় পালে নিশ্চয় এদিন যাম।’– দুৱৰাই সংক্ষেপ্তে উত্তৰ দিছিল।
এদিন দুৱৰাই সিদ্ধান্ত লৈছিল উদ্দীপ্তৰ প্ৰেছটো চাবলৈ। পৰিমিতাক জনাই দিছিল। সন্ধিয়া আঠ বজাত যেতিয়া প্ৰেছলৈ গৈছিল, উদ্দীপ্ত আৰু দেউতাক আছিল। কেবাগৰাকী কৰ্মচাৰী ভীষণ ব্যস্ত। দুৱৰাৰ ভাল লাগিছিল। সুখী হ’বলৈ যেন এক শক্তিশালী আৰম্ভণি হৈ গৈছে।
প্ৰথম চিনাকীতে উদ্দীপ্তৰ প্ৰতি এক গভীৰ বিশ্বাস ভাব আৰোপিত হৈছিল। সৰলতাৰে পূৰ্ণ এখন মুখ। কৰ্মদ্যোমী। কথাৰ মাজে মাজে কৰ্মচাৰীসকলৰ কাম-কাজৰ নিৰীক্ষণ।
উদ্দীপ্তৰ প্ৰতি তীব্ৰ আকৰ্ষণে মাজে সময়ে দুৱৰাক সিহঁতৰ ঘৰখনৰ মাজলৈ টানি নিছিল। সময় পালে কেতিয়াবা প্ৰেছলৈ,কেতিয়াবা ঘৰলৈ যায়। উদ্দীপ্তৰ মাকে স্থায়ীভাবে সিঁহতৰ লগতে থাকিবলৈ লৈছিল। দেউতাক গাঁৱৰ ঘৰৰ থাকে। অৱসৰৰ পিছতো বিভাগে তেওঁক অস্থায়ী ৰূপত ৰাখিছে।
‘ দাদা, কি হ’ল· ইমান মৌন।’– উদ্দীপ্তই কথাষাৰ কৈ পৰিমিতাক চাহ বনাবলৈ নিৰ্দেশ দিয়ে।
দুৱৰাৰ সন্মুখত চলচ্চিত্ৰৰ দৃশ্যাংশৰ দৰে ভাঁহি আহিবলৈ ধৰে পৰিমিতা আৰু উদ্দীপ্তৰ ঘটনা প্ৰৱাহ। দুৱৰা যেন সেই ঘটনাবোৰৰ মাজত ছয়াময়া শিহৰণ।
দুৱৰাই লাহেকৈ ক’লে–‘ কোম্পানীৰ কাম এটাৰ কথা মনলৈ আহিছে।’ দুৱৰা হঠাৎ থিয় হ’ল। আৰজেন্ট কাম এটা আছে। এতিয়াই যাব লাগে বুলি কৈ ওলাই আহে।
গাড়ীখনত উঠি দুৱৰাই ছিগাৰেট এটা জ্বলাই ল’লে। মহানগৰীৰ বুকু তেতিয়াও সজীৱ। অসংখ্য গাড়ী অহা-যোৱা কৰিছে। ওখ ওখ অট্টালিকাৰ মাজেৰে নিগৰি আহিছে পোহৰৰ মায়াজাল। ষ্ট্ৰীট লাইটৰ পোহৰত আলোকময় পথ।
দুৱৰাই ড্ৰাইভাৰজনক নিৰ্দেশ দিলে–‘ গাড়ীখন চাৰিআলিত ৰখাবা। কেইটামান বস্তু কিনিব লাগিব। তুমি লৈ আহিবা।’
অইনদিনা দুৱৰাই নিজেই বজাৰ কৰে। গাড়ীখন চাৰিআলিটোত ৰখাই এবাৰ তেওঁৰ ফালে নিৰ্বাক দৃষ্টিৰে চাই ৰ’ল।’ দুৱৰাই টকা, বেগ আৰু লিষ্টখন ড্ৰাইভাৰজনৰ হাতত তুলি দিলে।
দুৱৰাই স্বগদোক্তি কৰি উঠে– ‘ প্ৰথম দৃষ্টিত লোৱা ধাৰণা সঠিক নহয়। সমুজ্জল এখন মুখ। অথয় ভিতৰত সন্দেহ, অবিশ্বাসৰ এখন পৃথিৱী। এটা টেলিফোন কলক সন্দেহৰ দৃষ্টিৰে চাব পাৰে।’
দুৱৰাই সিদ্ধান্ত লৈ পেলালে উদ্দীপ্ত আৰু পৰিমিতাৰ লগত কোনো ধৰণৰ সম্পৰ্ক নাৰাখে। তেওঁ নিজে ভয়, সন্দেহ, অবিশ্বাসৰ পৰা বহু দূৰত থাকি জীৱন আগুৱাই নিছে। এবাৰ পৰিমিতাক কথাষাৰ কোৱাৰ কথা ভাবিলে। তেনে কাম কৰাটো সমীচিন নহ’ব, তেনে ধাৰণা এটা মনলৈ অহাৰ লগে লগে দুৱৰাই পুনৰ এটা ছিগাৰেট জ্বলালে। এক অক্ষমণীয় অপৰাধবোধে তেওঁক হেঁচি ধৰে।
দুৱৰা এক সমাহিত ব্যক্তি। স্বল্পভাষী। ক্ষোভ থাকিলেও প্ৰশমিত কৰি ক’ব পাৰে। জীৱনত এনে বহু প্ৰতিজ্ঞা কৰিছে, পিছদিনা পাহৰণিৰ অতল গৰ্ভত বিলীন হৈ যায়। দুৱৰাই ভাবে মানুহক সংস্কাৰ কৰিব লাগে, ভুল শুধৰাই দিব লাগে। কৰ্মতহে জেদ কৰিব লাগে। দুৱৰাই উদ্দী৫১ কথাষাৰ পুনৰীক্ষণৰ চেষ্টা কৰে।
এসপ্তাহমানৰ পিছত উদ্দীপ্তৰ ফোন, কাম এটা কৰি দিব লাগে।
দুৱৰাই নিজেই গৈ কামটো কৰি দিলে। উদ্দীপ্তই জোৰ কৰিলে–‘ ইমান ডাঙৰ কাম এটা কৰি দিলে, মোৰ ঘৰত একাপ চাহ খাবলৈ যাব লাগিব।’
অনিচ্ছাসত্বেও দুৱৰাই ক’লে –‘ হ’ব।’
উদ্দীপ্তৰ মাক গাঁৱলৈ গৈ উভতি অহা নাই। ঘৰত পৰিমিতা আৰু উদ্দীপ্ত। কলিং বেল টিপি দিয়াৰ লগে লগে উদ্দীপ্তই দুৱাৰখন খুলি দিলে। দুৱৰা যে ঘৰলৈ আহিব সেই কথা পৰিমিতাক জনোৱা নাছিল। উদ্দীপ্তই পৰিমিতাক উদ্দেশ্যি ক’লে–‘ভালকৈ চাহ বনোৱা। দাদাই বহুত ডাঙৰ কাম এটা কৰি দিলে।’
‘গাখীৰ শেষ। ৰঙা চাহ খাবনে·’ পৰিমিতাই কথাষাৰ কৈয়ে উদ্দীপ্তৰ কাষত থিয় হৈ পুনৰাই ক’লে–‘ মই দোকানৰ পৰা গাখীৰ লৈ আহো।’
পৰিমিতাই ঘৰত পিন্ধি থকা কাপোৰজোৰেৰে ওলাই গ’ল। অথচ উদ্দীপ্তৰ কোনো প্ৰতিক্ৰিয়াই নাই। পত্নীক দোকানলৈ পঠিয়াই দি বহি ৰ’ল উদ্দীপ্ত। অথচ এইজনেই উদ্দীপ্তই মাক থকাৰ সময়ত সহজে ওলাই গৈছিল। নেটৱৰ্কৰ সমস্যাই মাজে সময়ে উদ্দীপ্তৰ সমস্যাৰ সৃষ্টি কৰে। প্ৰায়ে ফোন ৰিচিভ কৰিবলৈ গেটলৈ যাবলগীয়া হয়। দুৱৰাই নিজেই দেখি আহিছে। কিন্তু মাকৰ অনুপস্থিতিত উদ্দীপ্ত সলনি হৈ পৰিছে। কাষৰ কোঠালীটোলৈ যায় ফোন ৰিছিভ কৰিবলৈ। মুহূৰ্ত্তে মুহূৰ্ত্তে সেই কোঠালীৰ পৰা ওলাই আহে। কাৰণ পৰিমিতা বহি আছে দুৱৰাৰ সন্মুখত। এক ভয়, শংকাই উদ্দীপ্তক খেদি ফুৰিছে। দুৱৰা আহিলে উদ্দীপ্তই এক ছেকেণ্ডৰ কাৰণে আঁতৰি যাব নিবিচাৰে।
দুৱৰাই লক্ষ্য কৰে লাহে লাহে পৰিমিতাই এষাৰ মাত দিয়ে ভিতৰলৈ সোমাই যায়। এদিন উদ্দীপ্ত আৰু পৰিমিতাৰ সন্মুখত দুৱৰা। পৰিমিতাই পিন্ধি থকা কাপোৰ ভৰিৰ গোৰোহাৰ পৰা সামান্য উৰ্দ্ধত উঠিছে। উদ্দীপ্তই ৰঙা চকুৰে ইংগিত দিছে তললৈ নমাবলৈ। দুৱৰাই নিজ চকুৰে দেখিলে সেই চাঁৱনি। দুৱৰাই দেখে উদ্দীপ্তৰ সন্দেহ ক্ৰমশঃ গাঢ় হৈ পৰিছে।
উদ্দীপ্তই নিজৰ প্ৰেছটোক লৈ কল্পনা দেখে। দুৱৰাৰ ভাল লাগে। মহানগৰীৰ অন্যান্য শীৰ্ষ প্ৰেছ হিচাপে গঢ়ি তুলিব বিচাৰে। এইখিনি আত্মবিশ্বাস আছে বুলিয়েই দুৱৰাই ভাবে। কিন্তু কৰ্কট ৰোগ সদৃশ সন্দেহবাদীতাৰ পৰা মুক্ত হোৱাটো উদ্দীপ্তৰ বাবে সম্ভৱ হৈ নুঠিব।
এদিন উদ্দীপ্তই ক’লে যে প্ৰেছটোৰ সম্প্ৰসাৰণ কৰিব। বহী ছপা কৰা মেশ্বিন ক্ৰয় কৰিব। দুৱৰাই উৎসাহ যোগালে। মেশ্বিন অনাৰ দিনা উদ্দীপ্তক ফোন কৰি দুৱৰাই জনাই দিলে যে কাইলৈ সিহঁতৰ ঘৰলৈ ভাত খাবলৈ যাব লাগিব। উদ্দীপ্তই পুনৰ ক’লে–‘ ভালেই হ’ব। কাইলৈ মেশ্বিন ফিটিং কৰিব। ভাল দিনতে আপুনি আহিব।’
পুৱাই পৰিমিতাৰ ফোন–‘ দাদা আপুনি আহিব। উদ্দীপ্তই নিজেই বজাৰ কৰি ৰন্ধা-বঢ়াত লাগিছে। আপুনি অহাৰ লগে লগে ফোন কৰিব। ময়ো প্ৰেছতে থাকিম।’
দুৱৰাই একো নক’লে। কোম্পানীৰ কামৰ ব্যস্ততাৰ বাবে তেওঁ যাব নোৱাৰিলে। উদ্দেশ্যবিহীনভাবে সন্ধিয়া পৰ্যন্ত নিজৰ লগতে ৰাখিলে পৰিমিতাক। উদ্দীপ্তই নিবিচাৰে তেওঁৰ অনুপস্থিতিত দুৱৰা ঘৰত উপস্থিত হওক। ক্ৰমশঃ দুৱৰাৰ প্ৰতি এক সন্দেহ, অবিশ্বাসে দগ্ধ কৰিছিল উদ্দীপ্তৰ মন। দুৱৰাই বুজি উঠিছে, এই মন লৈ উদ্দীপ্তৰ জীৱনৰ বিকাশ হয়তো সম্ভৱ নহ’ব। পৰিমিতাই জানে কোনো নাৰীৰ প্ৰতি দুৱৰাৰ সামান্য দুৰ্বলতা নাই। অন্ততঃ যিমান দিন লগ পাইছে, তাই তেনে পৰিস্থিতি এটাৰ মুখামুখী হ’বলগীয়া হোৱা নাই। উদ্দীপ্তৰ সন্দেহবাদীতাৰ বাবে পৰিমিতাই দুৱৰাক ফোন নকৰে। কোম্পানীৰ জৰুৰী কামৰ বাবে কেতিয়াবা ফোন কৰিলেও তাই ফোন ৰিচিভ নকৰে। উদ্দীপ্তৰ মোবাইলত ফোন কৰিলেও ৰিচিভ নকৰে। কাৰণ তাৰ মোবাইলত কল অটমেটিকেলি ৰেকডিং হয়। কোম্পানীৰ কামৰ মেছেচ কৰিলেও তাই এবাৰ পঢ়িয়ে ডিলিট কৰি দিয়ে। দুৱৰা নিশ্চিত হ’ল যে পৰিমিতাৰ ফোন, মেছেজ হয়তো উদ্দীপ্তই চেক কৰে।
উদ্দীপ্তই পৰিমিতাক এনে এক কেন্দ্ৰবিন্দুলৈ ঠেলি দিছে যে তাই দুৱৰাক এটা ফোনকল কৰিবলৈ সাহস গোটাব নোৱাৰে। অতি কৌশলৰে কামখিনি কৰি উদ্দীপ্ত সন্তষ্ট। তেওঁৰ সন্মুখৰ পথ এতিয়া কন্টকমুক্ত। এষাৰ কথা পাতিবলৈ পৰিমিতাক সুযোগ দিব নিবিচাৰে উদ্দীপ্তই। দুৱৰা ঘৰলৈ গ’লে এক বিন্দুৰ বাবে তেওঁৰ ওচৰৰ পৰা আঁতৰি নাযায়। উদ্দীপ্তক দুৱৰাই বুজাবলৈ আৰম্ভ কৰে যে পৰিমিতাৰ এই ভয় আঁতৰ কৰিব লাগে। প্ৰয়োজনত তেওঁ নিজেও বুজাব। দুৱৰাই ক’ব পৰা নাই যে উদ্দীপ্তৰ সন্দেহবাদীতাৰ বাবেই পৰিমিতাৰ ভয় ক্ৰমশঃ বাঢ়ি আহিছে। উদ্দীপ্তৰ মুখত শুনিছে, পৰিমিতাৰ খং, জেদ ভাব এটা বাঢ়ি আহিছে। এটা বিশ্বাসৰ বাতাবৰণ গঢ়ি তুলিবলৈ দুৱৰাই চেষ্টা কৰিছে, কিন্তু উদ্দীপ্তৰ সন্দেহ আৰু অবিশ্বাস এখন বৃহৎ দেৱাললৈ ৰূপান্তৰিত হৈ পৰিছে।
ক’ৰনা মহামাৰীয়ে উদ্দীপ্তৰ জীৱনলৈ ভয়ংকৰ প্ৰত্যাহবান নমাই আনে। লকডাউন। প্ৰেছ বন্ধ। ইতিমধ্যে প্ৰেছৰ পুৰণি মেশ্বিন বেয়া হ’বলৈ আৰম্ভ হৈছে। ভাল কৰিবলৈ হাতত টকা নাই। উদ্দীপ্তই কথাষাৰ কোৱাৰ লগে লগে বেংক একাউন্টৰ পৰা টকা উলিয়াই দিয়ে দুৱৰাই। লাহে লাহে অভাবে গ্ৰাস কৰে উদ্দীপ্তক। এখন মিম্ৰমান মুখ। এক অন্ধকাৰচ্ছন্ন ভৱিষ্যতক লৈ সি শংকিত হৈ পৰিছে। দুৱৰাৰ বেয়া লাগে। এজন ব্যক্তিৰ পৰা চাৰি লাখ টকা লৈ উদ্দীপ্তক দিয়ে। কিন্তু ঘৰ ভাড়া, প্ৰেছৰ ভাড়া, অন্যৰ পৰা অনা ধাৰ পৰিশোধ কৰাৰ লগে লগে সেই টকা খিনি শেষ হৈ যায়।
উদ্দীপ্তক টকা লাগে, কাম লাগে– কিন্তু ক’ৰনা মহামাৰীৰ দৰে তাৰ ব্যৱসায়ক তিলতিলকৈ মৃত্যুৰ মুখলৈ ঠেলি দিছে। বৰ্তমান চলি থকা কামবোৰেৰে জীৱনটোক আগুৱাই নিয়াটো অসম্ভৱ হৈ পৰিছে। দুৱৰাক পৰামৰ্শ বিচাৰে। দুৱৰাৰ স্পষ্ট উত্তৰ– এজন ভাল মানুহ বিচাৰি উলিওৱা। যিয়ে তোমাৰ জীৱন জাতিষ্কাৰ কৰিব পাৰে। তেনে ব্যক্তিৰ সন্ধান কৰি উদ্দীপ্ত ব্যৰ্থ। সকলোৰে পৰা বিচ্ছিন্ন জীৱনবোধে। উদ্দীপ্তই যেনেকৈ দুৱৰাৰ প্ৰতি সন্দেহবাদ জীয়াই ৰাখিছে, অন্য মানুহবোৰেও যেন উদ্দীপ্তক বিশ্বাস কৰিবলৈ এৰি দিছে। দুৱৰাৰ মনত পৰিল নিউটনৰ সেই বিখ্যাত সূত্ৰটোলৈ–‘ ইভৰি একশ্বন হেজ এ অপজিট ৰিয়েকশ্বন।’
নিজৰ সততাৰ ওপৰত সন্দেহ কৰাৰ বাবেই দুৱৰাৰ উদ্দীপ্তৰ ওপৰত খং। দুৱৰাই দৃঢ়তাৰে উদ্দীপ্তৰ লগত সম্পৰ্ক ৰাখিব বিচৰা নাই। মাত্ৰ চাৰি লাখ টকাৰ বিনিময়ত ভাবৰ আদান-প্ৰদান চলিছে। কিন্তু উদ্দীপ্তই বুজি উঠা নাই নিজৰ ভিতৰত জীয়াই ৰখা সন্দেহৰ বীজ কিদৰে বটবৃক্ষলৈ ৰূপান্তৰিত হ’বলৈ ধৰিছে। দুৱৰাৰ কোমল হৃদয়ত ক্ৰমশঃ বিয়পি পৰিছে উদ্দীপ্তৰ প্ৰতি ঘৃণা। এটা পৱিত্ৰ সম্পৰ্কক নিঃশেষ কৰি উদ্দীপ্ত সুখী নে দুখী দুৱৰাই নাজানে। দুৱৰাই দেখে উদ্দীপ্তৰ ভৰিখন যেন লাহে লাহে বোকাত সোমাই পৰিছে। এটা সন্দেহবাদী মনে যেন ক্ৰমশঃ ৰুকি ৰুকি খাবলৈ আৰম্ভ কৰিছে উদ্দীপ্তৰ জীৱনৰ ৰেখা।

পুলিন ডেকা
৭০০২৫১৬৯৮৩