মনৰ শাওণ-অখিল কুমাৰ বৰুৱা

pc-you matter

মনৰ শাওণ
মোৰ মনৰ শাওণ
ৰিমঝিম ৰিমঝিম বৰষুণ
নেদেখা নদীৰ শ্বাস প্ৰশ্বাসত
আহিছে পশ্চিমৰ
ধলানমা বৰষুণ

এয়াই হ’ল মনৰ শাওণ
সূৰ্য্য য’ত অস্ত যায়
ম্লান সন্ধিয়াত
উটি যায় দূৰ দিগন্তত ভাঁহি উঠে অন্তৰত তৰঙ্গঁৰ কল্লোল
জাকৰুৱা উভতি আহে ঢলে উটুৱাই নিয়ে
সোনালী ধান
সেউজীয়া ধাননিত
উশাহ ভৰন হয়
ভৰন হয় মনৰ ভঁৰাল
মোৰ মনৰ মতলিয়া
শাওণে
তুলিলে প্ৰেমৰ গান
আহিছে যেন এটি সৰলতা দিন
ৰিমঝিম বৰষুণ
তোমাৰ দেহা মন তিয়াই দিয়া
মাথো ৰিমঝিম ৰিমঝিম বৰষুণ

অখিল কুমাৰ বৰুৱা