মনৰ কথা-ড° ত্ৰিৱেণী শৰ্মা বৰুৱা

Pc-livewire

মনৰ কথা
<<<<<<>>>>>

মন বিচিত্ৰ,মনে কি বিচাৰে,কি নিবিচাৰে সেয়া সময়েহে জানে।মনৰ সন্তুষ্টি বা অসন্তুষ্টি ক’ত সেই বিষয়েও যেন ৰহস্য !মোৰ মনটোও কেতিয়াবা স্থিৰ,কেতিয়াবা অস্থিৰ।এনে দোমাজাত মোৰ চিন্তাধাৰাৰ সঘন আহ-যাহ।সেয়ে আজি মই আপোনালোকৰ আগত মনৰ কিছু কথা কোৱ‍াৰ প্ৰয়াসেৰে উভতি গৈছো মোৰ শৈশ‌ৱলৈ।দেউতাৰ কৰ্মসূত্ৰে চৰকাৰী আৱাসত মোৰ জন্ম।এটা সৰু আটোম-টোকাৰি ঘৰ,মাটিৰ গোন্ধ থকা,ফল-ফুলেৰে শুৱনি মনোমোহা পৰিৱেশ।তাৰমাজতে মোৰ প্ৰিয় লেমৰ পোহৰ,কেৰাচিনৰ গোন্ধ,পকা ধানৰ সুবাস,পোক লগা আমৰ গুটি পৰ্যন্ত চেলেকি খোৱাৰ আমেজ,খিল খিল হাঁহি,খলা- বমা ৰ‍াস্তা,ধুলিৰ বতাহ ,ফাগুনত ফাকুৱাৰ ৰঙেৰে মোৰ আৱেগবোৰৰ প্ৰথম পৰিচয়।মোৰ জন্মদিনত আপোন অথচ দুদিনৰ চিনাকি দাদা- বৌহঁত‍ে ফুট ল’বলৈ দিয়া বিন্দিটো আছিল মোৰ জীৱনৰ শ্ৰেষ্ঠ উপহাৰ। কিমান যে আপোন আছিল,প্ৰিয় আছিল সেই সময়বোৰ।আকাশ,জোনাক,পথাৰ,সাধুকথাবোৰ,নামঘৰৰ ডবাৰ শব্দ,বৰশীত চেঙেলী মাছ উঠাই বিশ্ব জয় কৰাৰ দৰে লাভ কৰা আনন্দ,গোবৰ মাটিৰে চোতাল খন মুচি পোৱা তৃপ্তি এইবোৰতেই আছিল প্ৰকৃত ৰং,জীৱনৰ ৰং।মনত পৰে একে একে দুই,দুয়ে একে তিনি,আস্ কি সুৰ,লয়।

সময় গতিশীল,সঁচা,বাস্তৱ।আমি এদিন নগৰ মুখী হ’লো,বিভিন্ন অজুহাতত সেই ঠাই এৰি গুচি আহিলো;যদিও দেউত‍াৰ চাকৰি সেই ঠাইতেই থাকিল।যান্ত্ৰিক ঠাই,ওখ ওখ ঘৰ,গাড়ীৰ শব্দ,মানুহৰ খোজবোৰত দৌৰ,এষাৰ মাতৰ অভাৱ,ডাঙৰকৈ হাঁহিবলৈ লাজ ইত্যাদি।আমাৰ প্ৰকাণ্ড ঘৰটোত নিতাল নিস্তব্ধ ,আমি ব্যস্ত! অথচ শীত-তাপ নিয়ন্ত্ৰিত কোঠালিত যেন বিচনী খনৰ অভাৱ।
এইবোৰৰ মাজত মোৰ অস্থিৰ আৱেগ,সঁচা-মিছাৰ প্ৰতিযোগিতাত মোৰ যুক্তিৰ আখৰা।প্ৰশ্ন হয়,মই বাৰু সুখীনে,মানুহ নাইকিয়া কোঠা বোৰত জেঠী কেইটাৰ টিক্ টিক্ শব্দই জানো যথেষ্ট?নিশ্চয় নহয়।সেয়ে আজিকালি নগৰত মোৰ মনে গাঁও বিচাৰি চলাথ,সৰু সৰু কথাবোৰত ঠেহ নালাগি, জেদ নধৰি,ধেমালিৰে সহজ ভাৱে জীৱনটোক ভাল পাবলৈ ,থলুৱা খাদ্য খাই নিৰোগী হৈ জীৱন যাপন কৰিবলৈ হেঁপাহ।
________
ড° ত্ৰিৱেণী শৰ্মা বৰুৱা
গুৱাহাটী-৭৮১০০৩
যোগাযোগঃ ৭০০২১১৬২০১