মন্ত্ৰী সভাৰ পৰা পদত্যাগ কৰিলে মনীষ ছিছ’দিয়া আৰু সত্যেন্দৰ জৈনে

pc Tribune India

ৰঙিলী বাৰ্ত্তাসেৱা-  কাৰাগাৰত বন্দী হৈ থকা আম আদমী পাৰ্টিৰ নেতা তথা দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছ’দিয়া আৰু সত্যেন্দৰ জৈনে অৰবিন্দ কেজৰিৱালৰ মন্ত্ৰী সভাৰ মন্ত্ৰীত্বৰ পৰা পদত্যাগ কৰিছে । দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে তেওঁলোকৰ পদত্যাগ গ্ৰহণ কৰিছে। বাতিল হোৱা সুৰা নীতি প্ৰণয়ন আৰু কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত দুৰ্নীতিৰ অভিযোগত চিবিআইয়ে গ্ৰেপ্তাৰ কৰিছিল ছিছ’ডিয়াক।