মন্ত্ৰী পীযূষ হাজৰিকা আৰু অভিনেত্ৰী আইমী বৰুৱাই জ্যেষ্ঠ নাগৰিকৰ সৈতে নিজা বাসভৱনত উদযাপন কৰে হেঁপাহৰ ভোগালী বিহু

 মন্ত্ৰী পীযূষ হাজৰিকা আৰু অভিনেত্ৰী আইমী বৰুৱাই জ্যেষ্ঠ নাগৰিকৰ সৈতে নিজা বাসভৱনত উদযাপন কৰে হেঁপাহৰ ভোগালী বিহু

গুৱাহাটী,১7 জানুৱাৰী ,কৰ’না আতংক তথা প্ৰতিকূল বতৰকো নেওচি ব্যাপক উৎসাহ- উদ্দীপনাৰে ৰাজ্যজুৰি উদযাপিত হৈছে হেঁপাহৰ ভোগালী বিহু  । তাৰমাজতেই জাগীৰোডৰ বিধায়ক তথা অসম চৰকাৰৰ জল সম্পদ, তথ্য আৰু জনসংযোগ, সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী পীযূষ হাজৰিকাই গ্ৰহণ কৰিছে এটা বিশেষ পদক্ষেপ। সেই অনুসৰি আজি মন্ত্ৰীগৰাকীয়ে ঐতিহাসিক আঁহতগুৰিস্থিত নিজা বাসগৃহত সমষ্টিৰ জ্যেষ্ঠ নাগৰিকসকলৰ সৈতে  উদ্ যাপন কৰে ভোগালী বিহু। মন্ত্ৰী পীযূষ হাজৰিকাৰ লগতে মন্ত্ৰীগৰাকীৰ সহধৰ্মিণী তথা জনপ্ৰিয় অভিনেত্ৰী আইমী বৰুৱাই নিজে সকলোকে আপ্যায়ন কৰোৱাৰ লগতে গামোচা পিন্ধাই ভোগালীৰ ওলগ জ্ঞাপন কৰি জ্যেষ্ঠসকলৰ আশীষ গ্ৰহণ কৰে। আনহাতে কৰ্মোদ্যমী মন্ত্ৰী পীযূষ হাজৰিকা আৰু অভিনেত্ৰী আইমী বৰুৱাৰ সৈতে উখল- মাখল পৰিৱেশত ভোগালীৰ এসাঁজ গ্ৰহণ  কৰিবলৈ পাই জ্যেষ্ঠ নাগৰিকসকলেয়ো গভীৰ আত্মসন্তুষ্টি প্ৰকাশ কৰে। উল্লেখযোগ্য যে, এই বিশেষ দিনটোত মন্ত্ৰী বিমল বৰা আৰু প্ৰাক্তন বিধায়ক শিলাদিত্য মন্ত্ৰী পিযূষ হাজৰিকাৰ বাসগৃহত উপস্থিত হৈ জ্যেষ্ঠ নাগৰিক সকলৰ সৈতে মত -বিনিময় কৰে । আনহাতে জনপ্ৰিয় অভিনেত্ৰী আইমী বৰুৱাই জ্যেষ্ঠ নাগৰিক সকলৰ সৈতে ভোগালী বিহু উদ্ যাপন কৰিবলৈ পাই সুখী অনুভৱ কৰা বুলি উল্লেখ কৰাৰ লগতে মন্ত্ৰী পীযূষ হাজৰিকাই অসমবাসীলৈ ভোগালীৰ ওলগ জ্ঞাপন কৰি চৰকাৰী নিৰ্দেশনা মানি চলিবলৈ সকলোকে আহ্বান জনায়৷