মন্ত্ৰী পীযূষ হাজৰিকাৰ ‘জনসংযোগ বাতৰি’ৰ সম্প্ৰচাৰৰ বাবে এক নতুন প্ৰয়াস

pc News Live TV

অনলাইন বাৰ্ত্তাসেৱা – তথ্য আৰু জনসংযোগ বিভাগৰ মন্ত্ৰী পীযূষ হাজৰিকাই আজি জনসংযোগ বিভাগৰ দ্বাৰা প্ৰস্তুত কৰা ‘জনসংযোগ বাতৰি’ৰ সম্প্ৰচাৰ আৰম্ভ কৰাৰ কথা ঘোষণা কৰে। ৰাজ্যৰ বিভিন্ন স্থানত বিভাগটোৱে স্থাপন কৰা ১৬০০ স্থায়ী অনুভাষ যন্ত্ৰ (ফিক্সড্ লাউডস্পীকাৰ ছিষ্টেম)ৰ জৰিয়তে পুৱা ৯.৩০ বজাত আৰু সন্ধিয়া ৬.৩০ এই বাতৰি সম্প্ৰচাৰ কৰা হ’ব। সম্প্ৰতি ৰাজ্যখনৰ উল্লেখযোগ্য বাতৰিসমূহ সামৰি সপ্তাহত দুবাৰকৈ সম্প্ৰচাৰ কৰা হ’ব “জনসংযোগ বাতৰি”। এক সংবাদমেলযোগে জনসংযোগ বাতৰিৰ সম্প্ৰচাৰ আৰম্ভ কৰি মন্ত্ৰী হাজৰিকাই লগতে প্ৰকৃত সত্য, নিৰপেক্ষ আৰু তথ্যভিত্তিক বাতৰিৰ জৰিয়তে যাতে ৰাজ্য চৰকাৰৰ প্ৰতিটো পদক্ষেপ আৰু প্ৰতিখন আঁচনিৰ খবৰ জনগণক দিব পৰা যায় সেয়াই এই বাতৰিৰ প্ৰধান উদ্দেশ্য হ’ব। আনহাতে এই বাতৰি সম্পূৰ্ণ তথ্যৰ ওপৰত প্ৰতিষ্ঠিত হোৱাৰ লগতে নিৰপেক্ষৰূপে সম্প্ৰচাৰ কৰিবলৈও বিভাগক নির্দেশ দিয়ে। সমান্তৰালভাৱে মিছা আৰু উদ্দেশ্যপ্রণোদিত বাতৰি সম্প্ৰচাৰ কৰাৰ পৰা বিৰত থাকিবলৈও মন্ত্ৰীগৰাকীয়ে নির্দেশ দিয়ে জনসংযোগ বিভাগক।

(UD.)