মন্ত্ৰী পীযুষ হাজৰিকাদেৱে আনুষ্ঠানিকভাৱে মুকলি কৰে মুখ্যমন্ত্ৰীৰ কোভিড-১৯ বিধৱা সাহায্য আঁচনি

pc News Live TV

অনলাইন বাৰ্ত্তাসেৱা- ৰাজ্য চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ আৰু সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই  বিশ্বনাথ কৃষি মহাবিদ্যালয়ত আয়োজিত এক অনুষ্ঠানত ‘মুখ্যমন্ত্ৰীৰ কোভিড-১৯ বিধৱা সাহায্য আঁচনি’খন আনুষ্ঠানিকভাৱে মুকলি কৰে। কোভিডৰ ফলত স্বামীহাৰা হোৱা প্ৰায় ৩২ গৰাকী বিধৱা মহিলাক এককালীন বিত্তীয় সাহায্য হিচাপে প্ৰত্যেককে ২.৫ লাখ টকাৰ চেক প্ৰদান কৰা হয়। এই উপলক্ষে সমবেত লোকসকলক সম্বোধন কৰি মন্ত্ৰীগৰাকীয়ে কয় যে যদিও চৰকাৰে প্ৰিয়জনক হেৰুওৱাৰ ক্ষতি পুৰণ কৰিব নোৱাৰে, তথাপিও এককালীন আৰ্থিক সাহায্যই বিধৱাসকলৰ আৰ্থিক দুৰ্দশা কিছু পৰিমাণে লাঘৱ কৰিব আৰু তেওঁলোকক এক সন্মানীয় জীৱন-যাপন কৰাত সহায় কৰিব। জনকল্যাণমূলক আঁচনি গ্ৰহণৰ ক্ষেত্ৰত সদায় অগ্ৰণী ভূমিকা লৈ থকাৰ বাবে হাজৰিকাই অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাকো ধন্যবাদ জ্ঞাপন কৰে। এই আঁচনিৰ শুভাৰম্ভ কৰি অসমে আকৌ এবাৰ প্ৰমাণ কৰি দেখুৱাইছে যে জনসাধাৰণৰ সুবিধাৰ বাবে অদ্বিতীয় কল্যাণমূলক আঁচনি আৰম্ভ কৰা ই হৈছে দেশৰ আগশাৰীৰ ৰাজ্য। মুখামন্ত্ৰীয়ে অসমক দেশৰ শীষৱ ৫খন ৰাজ্যৰ ভিতৰত গঢ়ি তোলাৰ পৰিকল্পনা কৰিছে ।অৱশ্যে বিধৱাগৰাকী নিম্ন উপাজনকাৰী হ’ব লাগিব আৰু বাষিক উপাজন ৫ লাখ টকাৰ ভিতৰত হ’ব লাগিব। ‘মুখ্যমন্ত্ৰী বিধৱা সাহায্য আঁচনি’খন ৰাজ্য চৰকাৰৰ ‘শিশু সেৱা আঁচনিৰ পিছত আৰম্ভ কৰা হৈছে য’ত কোভিড-১৯ৰ ফলত পিতৃ-মাতৃ হেৰুওৱা শিশুসকলক আথিক সাহায্য প্ৰদান কৰা।আঁচনিখনৰ উদ্দেশ্য হৈছে এনে শিশুসকলৰ ভৱিষ্যৎ সুৰক্ষিত কৰা আৰু ইয়াৰ লগতে তেওঁলোকক কোনো প্ৰতিকূল পৰিৱেশৰ সন্মুখীন নোহোৱাকৈ নিজৰ শিক্ষা সম্পূৰ্ণ কৰিবলৈ সক্ষম কৰি তোলা ।

(Richa)