মন্ত্ৰী অশোক সিংহলৰ কোকৰাঝাৰত ১৫গৰাকী মহিলাক চেক প্রদান  অসম মাইক্ৰ’ফাইনেঞ্চ উদগনি আৰু সকাহ আঁচনি শুভাৰম্ভ 

pc facebook

মন্ত্ৰী অশোক সিংহলৰ কোকৰাঝাৰত ১৫গৰাকী মহিলাক চেক প্রদান  অসম মাইক্ৰ’ফাইনেঞ্চ উদগনি আৰু সকাহ আঁচনি শুভাৰম্ভ 

ৰঙিলী বাৰ্ত্তাসেৱা- মন্ত্ৰী অশোক সিংহলে অসম মাইক্ৰ’ফাইনেঞ্চ উদগনি আৰু সকাহ আঁচনিৰ অধীনত নিয়মীয়াকৈ ঋণ পৰিশোধ কৰি থকা ‘ক্ষিপ্র আদায়কাৰী শিতান’ৰ প্ৰথম শ্ৰেণীৰ ৫,০০০ গৰাকী হিতাধিকাৰীক আনুষ্ঠানিকভাৱে চেক বিতৰণ কৰে। অসম চৰকাৰৰ বিত্ত বিভাগ আৰু কোকৰাঝাৰ জিলা প্ৰশাসনৰ উদ্যোগত বিটিচি সচিবালয় খেলপথাৰত অনুষ্ঠিত হোৱা বিশাল সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি কোকৰাঝাৰ জিলাৰ অভিভাৱক মন্ত্রী সিংঘালে মুখ্য কার্যবাহী সদস্য প্রমোদ বড়োৰ উপস্থিতিত আনুষ্ঠানিকভাৱে ১৫গৰাকী মহিলাক চেক প্রদান কৰি জিলাখনত আঁচনিখনৰ শুভাৰম্ভ কৰে। ভাষণ প্রসংগত মন্ত্রী সিংহলে কয় যে অসম মাইক্ৰ’ফাইনেঞ্চ উদগনি আৰু সকাহ আঁচনিৰ অধীনত প্ৰথম পৰ্যায়ত কোকৰাঝাৰ জিলাত মুঠ ৫,০০০গৰাকী হিতাধিকাৰী উপকৃত হ’ব আৰু জিলাখনত সৰ্বমুঠ ১৯,১১সগৰাকী মহিলা হিতাধিকাৰীক উক্ত আঁচনিৰ বাবে বাছনিভুক্ত কৰা হৈছে আৰু সেয়া পৰ্যায়ক্রমে দিয়া হ’ব। ভাষণত মন্ত্ৰী অশোক সিংহলে কয় যে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বৰ্তমানৰ ৰাজ্য চৰকাৰখনে দায়িত্ব লোৱাৰ পাছৰ পৰাই মহিলা সবলীকৰণৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰি আহিছে। মহিলাসকল স্বাৱলম্বী হ’লেহে সমাজখন আগবাঢ়ি যাব পাৰিব। মহিলাসকলে লোৱা ঋণ উৎপাদনমুখী কামত সদ্ব্যৱহাৰ কৰাৰ লগতে সময়মতে পৰিশোধ কৰিবলৈও তেওঁ আহ্বান জনায়।