মণিপুৰৰ ৰাজ্যিক কংগ্ৰেছ সভাপতি গোবিনদাস কণ্ঠৌজামৰ পদত্যাগ

pc-timesnow

অনলাইন বাৰ্ত্তাসেৱা-  ৰাজ্যখনৰ কংগ্ৰেছৰ সভাপতি হিচাপে দায়িত্ব পালন কৰি আছিল গোবিনদাস কণ্ঠৌজামে।গবিনদাস কণ্ঠৌজামে মণিপুৰৰ বিষ্ণুপুৰ বিধানসভা সমষ্টিৰ পৰা ৬ বাৰকৈ বিধানসভালৈ নিৰ্বাচিত হৈছিল।পূৰ্বে মণিপুৰৰ কেবিনেট মন্ত্ৰী হিচাপে দায়িত্ব পালন কৰা গোবিনদাসক বিগত বৰ্ষৰ ডিচেম্বৰত কংগ্ৰেছ নেতৃ ছোনিয়া গান্ধীয়ে ৰাজ্যখনৰ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব প্ৰদান কৰিছিল।পদত্যাগ কৰা নেতাজনে শীঘ্ৰে বিজেপিত যোগদান কৰিব বুলি চৰ্চা চলিছে।আনহাতে তেওঁৰ লগত ৮ গৰাকী কংগ্ৰেছ বিধায়কে দল ত্যাগ কৰি বিজেপত যোগদান কৰিব বুলি চৰ্চা চলিছে।উল্লেখ্য যে ২০২২ চনৰ প্ৰথমভাগতে ৰাজ্যখনত অনুষ্ঠিত হ’ব বিধানসভাৰ নিৰ্বাচন।