মণিপুৰৰ বিখ্যাত ল’কটক হ্রদৰ লগতে ভাৰতীয় অভ্যন্তৰীণ জলপথ প্ৰাধিকৰণৰ জেট্ৰী পৰিদর্শন কৰে কেন্দ্রীয় বন্দৰ, জাহাজ মন্ত্ৰী তথা আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

মণিপুৰৰ বিখ্যাত ল’কটক হ্রদৰ লগতে ভাৰতীয় অভ্যন্তৰীণ জলপথ প্ৰাধিকৰণৰ জেট্ৰী পৰিদর্শন কৰে কেন্দ্রীয় বন্দৰ, জাহাজ মন্ত্ৰী তথা আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

ৰঙিলী বাৰ্ত্তাসেৱা-  “ল’কটক হ্রদ মণিপুৰৰ আত্মস্বৰূপ৷ অপৰূপ সৌন্দর্যৰে আবৃত এই হ্রদটোৰ উন্নয়ন আৰু পর্যটন অধিক উন্নত কৰাৰ বাবে কেন্দ্ৰৰ পৰা যাৱতীয় সকলাে সহযােগিতা আগবঢ়োৱা হ’ব।”- কেন্দ্রীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্রী তথা কেন্দ্রীয় আয়ুষ মন্ত্রী সর্বানন্দ সােণােৱালে মণিপুৰৰ বিখ্যাত ল’কটক হ্রদৰ লগতে ভাৰতীয় অভ্যন্তৰীণ জলপথ প্ৰাধিকৰণৰ জেডী পৰিদৰ্শন কৰি ভাষণ প্রসংগত এই কথা উল্লেখ কৰে।কেন্দ্রীয় মন্ত্রীগৰাকীয়ে পৰিদর্শনকালৰ আৰম্ভণিতে বিষয়াসকলৰ পৰা হ্রদটোৰ উন্নয়ন তথা পর্যটন সম্বন্ধীয় বিভিন্ন দিশৰ বুজ লয়। কেন্দ্রীয় মন্ত্রীগৰাকীয়ে ব’টেৰে হ্রদটো ভ্রমি ইয়াৰ সৌন্দর্য উপভােগ কৰে ।এই উপলক্ষে আয়ােজিত অনুষ্ঠানত ভাষণ প্রদান কৰি সােণােৱালে কয়, “ল’কটক হ্রদৰ পৰ্যটনৰ ক্ষেত্ৰত অপৰিসীম সম্ভাৱনা নিহিত হৈ আছে। সেয়েহে এছিয়াৰ অন্যতম বৃহৎ এই জলাশয়টোৰ উন্নয়ন আৰু পৰ্যটনৰ বিকাশৰ দিশত আমি যথেষ্ট অগ্রাধিকাৰ দিছোঁ। ইয়াক সমগ্র বিশ্বৰ পৰ্যটকৰ বাবে আকর্ষণীয় পর্যটনস্থল হিচাপে গঢ়ি তুলিব লাগিব।” প্রধানমন্ত্রী নৰেন্দ্ৰ মােদীয়ে উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্বাংগীণ বিকাশৰ ওপৰত দিয়া বিশেষ গুৰুত্বৰ কথা উল্লেখ কৰি কেন্দ্রীয় মন্ত্রীগৰাকীয়ে কয়, “প্রধানমন্ত্রী নৰেন্দ্ৰ মােদীৰ হৃদয় আৰু আত্মা উত্তৰ-পূৰ্বাঞ্চলৰ সৈতে সম্পৃক্ত। উত্তৰ- পূবৰ যাতায়াত -যােগাযােগ, আন্তঃগাঁথনি; যুৱ, মহিলা আৰু কৃষক সবলীকৰণ আদিৰ ওপৰত তেওঁ দিয়া বিশেষ গুৰুত্বৰ বাবেই সমগ্ৰ অঞ্চলটোত আমূল পৰিৱৰ্তনৰ সূচনা হৈছে। মােডী উত্তৰ-পূৰ্বাঞ্চলৰ এজন প্রকৃত বন্ধু, শুভকাংক্ষী আৰু এগৰাকী আদর্শ প্রধানমন্ত্রী।” কেন্দ্রীয় মন্ত্রীগৰাকীয়ে লগতে কয়, “প্রধানমন্ত্রীৰ বলিষ্ঠ নেতৃত্বত আৰু নির্দেশমর্মে মণিপুৰ চৰকাৰক অভ্যন্তৰীণ জলপথ আৰু আয়ুষৰ প্ৰসাৰ তথা উন্নয়নৰ ক্ষেত্ৰত কেন্দ্রীয় চৰকাৰৰ তৰফৰ পৰা সম্পূর্ণ সহযােগিতা আগবঢ়োৱা হ’ব। মণিপুৰৰ মুখ্যমন্ত্রী এন বীৰেন সিংজীয়ে প্রধানমন্ত্রী নৰেন্দ্র মােদীৰ মার্গদর্শনক সাৰােগত কৰি সমগ্ৰ ৰাজ্যখনত যথেষ্ট দৃষ্টান্তমূলক উন্নয়ন সম্ভৱ কৰি তুলিব ৷অনুষ্ঠানত কেন্দ্রীয় ৰাজ্যিক মন্ত্ৰী ৰাজকুমাৰ ৰঞ্জন সিং,স্থানীয় বিধায়ক পি শৰৎচন্দ্র সিং, ল’কটক উন্নয়ন প্রাধিকৰণৰ অধ্যক্ষ এল সুশেন্দ্র মেইটেই প্ৰমুখ্যে বিষয়াসকল আৰু অন্যান্য বিশিষ্ট ব্যক্তিসকল তথা স্থানীয় ৰাইজ উপস্থিত থাকে৷