মণিকা-অৰ্চনাই বিশ্ব টেবুল টেনিছ(WTT)ৰ প্ৰতিদ্বন্দী লাস্কো ২০২১ ত মহিলাৰ দ্বৈত খিতাপ জয় কৰে

Pc-Latestly

মণিকা-অৰ্চনাই বিশ্ব টেবুল টেনিছ(WTT)ৰ প্ৰতিদ্বন্দী লাস্কো ২০২১ ত মহিলাৰ দ্বৈত খিতাপ জয় কৰে

ৰঙিলী বাৰ্ত্তাসেৱা-  স্লোভেনিয়াত অনুষ্ঠিত বিশ্ব টেবুল টেনিছ (WTT)ৰ প্ৰতিদ্বন্দী লাস্কো ২০২১ ত মণিকা বাত্ৰা আৰু অৰ্চনা কামাথৰ ভাৰতীয় যুটিয়ে মহিলাৰ দ্বৈত খিতাপ অৰ্জন কৰে। তেওঁলোকে পুয়েৰ্টো ৰিকান ভগ্নী মেলানিয়া ডিয়াজ আৰু এড্ৰিয়ানা ডিয়াজক ১১-৩, ১১-৮, ১২-১০ ব্যৱধান চ্ছেদত পৰাস্ত কৰে। ইয়াৰ পূৰ্বে মণিকাই ছেমি ফাইনেলত পৰাজিত হোৱাৰ পিছত একক প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক অৰ্জন কৰে। এইটো মণিকাৰ এই বছৰৰ দ্বিতীয় বিশ্ব টেবুল টেনিছ প্ৰতিযোগী খিতাপ।