মঠঘৰীয়াৰ পৰা তিনি দিনে মহিলা সন্ধানহীন

P.c. The Economic Times

মঠঘৰীয়াৰ পৰা তিনি দিনে মহিলা সন্ধানহীন

ৰঙিলী বাৰ্ত্তাসেৱা-  গুৱাহাটী মহানগৰীৰ নুনমাটি থানাৰ অন্তৰ্গত নাৰেংগীৰ ফৰেষ্টগেট ১নং মঠঘৰীয়াৰ ভূপেন্দ্ৰ নগৰৰ পৰা মৃদুলা বৰ্মন(২৬) নামৰ এগৰাকী মহিলা যোৱা ৫ জানুবাৰীৰ পৰা সন্ধানহীন হৈ আছে।জানিব পৰা মতে সেইদিনা দিনৰ ১ বজাত কামত যাম বুলি ঘৰৰ পৰা ওলাই যোৱাৰ পিছৰে পৰা ৰহস্যজনক ভাবে সন্ধানহীন হৈ আছে মহিলাগৰাকী।সিদিনা নিশা পৰ্যন্ত পৰিয়ালৰ সদস্যই সম্ভাব্য স্থানত বিচাৰ-খোচাৰ কৰে যদিও কোনো সন্ধান উলিয়াব নোৱাৰাত কালি মহিলা গৰাকীৰ স্বামী বিশ্বজিত বৰ্মনে ঘটনা সন্দৰ্ভত নুনমাটি থানাত এখন এজাহাৰ দাখিল কৰে।এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি সন্ধানহীন মহিলা গৰাকীক বিচাৰি চলাধ কৰিছে যদিও বাতৰি লিখাৰ পৰলৈ মহিলাগৰাকীৰ কোনো সম্ভেদ উলিয়াব পৰা নাই।দুটি সন্তানৰ মাতৃ মৃদুলা বৰ্মনক কোনো দুস্কৃতিকাৰীয়ে অপহৰণ কৰি নিয়াৰো সন্দেহ প্ৰকাশ কৰিছে পৰিয়ালৰ লোকে।মহিলাগৰাকীৰ কোনো সম্ভেদ পালে ৭০৮৬৭৩০০৮ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পৰিয়ালৰ লোকে।