মঙলবাৰৰ আগলৈকে ৬,০০০ ভাৰতীয়ক ইউক্ৰেইনৰ পৰা ভাৰতলৈ ঘূৰাই অনা হৈছে: ভি মুৰলীধৰণ

pc the Sentinel assam

মঙলবাৰৰ আগলৈকে ৬,০০০ ভাৰতীয়ক ইউক্ৰেইনৰ পৰা ভাৰতলৈ ঘূৰাই অনা হৈছে: ভি মুৰলীধৰণ

ৰঙিলী বাৰ্ত্তাসেৱা-  যুদ্ধবিধ্বস্ত ইউক্ৰেইনত আৱদ্ধ হৈ থকা ২০,০০০ ভাৰতীয়ৰ ভিতৰত এতিয়ালৈকে ৬,০০০ তকৈও অধিক ভাৰতীয়ক দেশলৈ ঘূৰাই অনা হৈছে আৰু কেন্দ্ৰই বাকী সকলক সুৰক্ষিতভাৱে ঘূৰাই অনাৰ বাবে সকলো প্ৰচেষ্টা চলাই আছে, কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা ৰাজ্যমন্ত্ৰী ভি মুৰলীধৰণে কয়। “ইউক্ৰেইনত প্ৰায় ২০,০০০ শিক্ষাৰ্থী/নাগৰিক আৱদ্ধ হৈ আছিল। তেওঁলোকৰ ভিতৰত ৪,০০০ লোকক ২৪ ফেব্ৰুৱাৰীৰ আগতে ভাৰতলৈ ঘূৰাই অনা হৈছিল। মঙলবাৰৰ আগলৈকে অতিৰিক্ত ২,০০০ শিক্ষাৰ্থীক ভাৰতলৈ ঘূৰাই অনা হৈছে আৰু তাত আৱদ্ধ হৈ থকা বাকী ভাৰতীয়সকলক স্থানান্তৰ কৰাৰ প্ৰচেষ্টা চলি আছে,” তেওঁ কয়।