মকৰ সংক্রান্তিত সকলােকে সূর্য নমস্কাৰ কৰিবলৈ আহ্বান জনাইছে কেন্দ্রীয় মন্ত্রী সর্বানন্দ সােণােৱালে

p.c- orissaPOST

মকৰ সংক্রান্তিত সকলােকে সূর্য নমস্কাৰ কৰিবলৈ আহ্বান জনাইছে কেন্দ্রীয় মন্ত্রী সর্বানন্দ সােণােৱালে

ৰঙিলী বাৰ্ত্তাসেৱা-  কেন্দ্রীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্রী সর্বানন্দ সােণােৱালে ১৪ জানুৱাৰীত মকৰ সংক্ৰান্তিৰ পৱিত্ৰ ক্ষণত সমূহ দেশবাসীক সূর্য নমস্কাৰ কৰিবলৈ আহ্বান জনাইছে। আয়ুষ মন্ত্ৰালয়ৰ উদ্যোগত আয়ােজিত দিনজোৰা ভাচুৱেল অনুষ্ঠানটো পুৱা ৭ বজাত আৰম্ভ হ’ব- এক ভাচুৱেল সংবাদ মেল যােগে সম্বােধন কৰি কেন্দ্রীয় মন্ত্রীজনে এই কথা ব্যক্ত কৰে। ভাচুৱেল কাৰ্যসূচীটোত মােৰাৰজী দেশাই ৰাষ্ট্ৰীয় যােগ প্রতিষ্ঠানৰ পৰা অনুষ্ঠান লাইভ প্রদর্শন কৰা হ’ব আৰু ইয়াত সমগ্র বিশ্বৰ যােগ অনুশীলনকাৰীসকলে অংশগ্রহণ কৰিব বুলি আশা কৰা হৈছে। অংশগ্রহণকাৰীসকলে সূর্য নমস্কাৰৰ ১৩ টা ৰাউণ্ড প্রদর্শন কৰিব য’ত প্ৰতিটো ৰাউণ্ডত ১২টা আসন থাকিব। এই ১২টা আসন হৈছে নমস্কাৰণ, হস্তত্তনাসন, পদ্মাহস্তাসন, অশ্ব সঞ্চলনাসন, পর্বতাসন, অষ্টঙ্গ নমস্কাৰ, ভুজঙ্গাসন, পর্বতাসন ( বিপৰীত), অশ্ব সঞ্চালনাসন (ওলােটা), পদাস্থান (ওলােটা)। সূর্য নমস্কাৰ হৈছে এক বৈজ্ঞানিকভাৱে প্রমাণিত স্বাস্থ্যকৰ অনুশীলন যিয়ে শৰীৰ আৰু মনৰ উৎকর্ষ সাধন কৰে। ভাচুৱেল সংবাদ মেলত ভাষণ প্রদান কৰি কেন্দ্রীয় মন্ত্রী সর্বানন্দ সােণােৱালে কয়, “মকৰ সংক্রান্তি এটি অতি গুৰুত্বপূর্ণ দিন। এই দিনটোতে দেশবাসীৰ স্বাস্থ্য আৰু মনৰ উৎকর্ষ সাধনৰ লক্ষ্যৰে সূর্য নমস্কাৰৰ জীৱনীশক্তি সম্পর্কত সজাগতা বৃদ্ধিৰ এটি বিশেষ কার্যসূচী হাতত লােৱা হৈছে। এই অনুষ্ঠানটোৰ সন্দৰ্ভত যােগ উদ্যমশীল ব্যক্তিসকলৰপৰা আমি ইতিমধ্যে উৎসাহজনক সঁহাৰি লাভ কৰিছোঁ। আমি নিশ্চিত যে, এই অনুষ্ঠানটোৱে ভাৰতৰ সমৃদ্ধ আৰু স্বাস্থ্যকৰ অনুশীলনৰ বিষয়ে বিশ্ববাসীক অধিক প্ৰভাৱিত কৰিব।” ভাচুৱেল সংবাদ মেলখনত কেন্দ্রীয় ৰাজ্যিক মন্ত্রী ড° মহেন্দ্র মুঞ্জপাৰা, আয়ুষ মন্ত্রালয়ৰ সচিব ড° ৰাজেশ কোটেচাৰ লগতে মন্ত্ৰালয়ৰ অন্যান্য বিষয়াসকলাে উপস্থিত আছিল।