মই সত্যবাদী হম
মই সত্যবাদী হম,
সঁচা কথা কম,
গান্ধীজি যেনে আছিল,
তেনে মই হম।
তেওঁৰ তিনি বান্দৰৰ শিক্ষা লম,
উচিত পথেৰে গৈ কৰিম মহান কৰম।
জ্বলি থকা জুইকুৰা জলিয়েই থাকিব,
দূৰণিলৈ আহিলেই প্ৰাণ বাচিব।
মনত জুই থাকিলে অহংকাৰেই প্ৰমান,
বৰষুণ নানিলে, জ্বলি শেষ হব সন্মান।
সত্যবাদী হোৱাই হল ইয়াৰ উপায়,
আনৰ ন্যায় কৰিলেই নিজৰো হব ন্যায়।
দুখী মন হৈছে এটা কাল্পনিক মন,
আমি সকলো সমান আৰু একেই প্ৰতিজন।
আকাশৰ দৰে ৰাখিম বিশাল মন,
সেৱাৰ দৰে মন ৰাখিম যেনে সেউজ বন।
হিমৰ সম শীতল, মনত ৰাখিম শান্তি,
ঈশ্বৰৰ নামেৰে জ্বলাম সদায়েই বন্তি।
ভূমিৰ এই বায়ুক কোনে ধন্যবাদ যাচে,
বায়ুক প্ৰদূষিত কৰাৰ চকুপানী কোনেনো মুছে।
ধৰ্মৰ ৰক্ষাৰ বাবে মই মিছা কথাও কম,
দানৱৰ শাস্তিৰ বাবে সত্যবাদী হম,
মই সত্যবাদী হম,
সঁচা কথা কম।
-নিতিষ্মান দাস,
সপ্তম শ্রেণী