মই যদি কৃষ্ণ তইয়ো ৰাধা…- নন্দেশ্বৰ মিলি

P.c Business Insider
মই যদি কৃষ্ণ তইয়ো ৰাধা…

হয়তো বজাব
নাজানো মই
সুৰীয়া বাঁহী…
তথাপিতো কলিয়া
প্ৰেমত বলিয়া
কানাই মই।

তুমিও যদি
ৰাধিকা সুন্দৰী হয়
আহা নাচো একেলগে
এই পূৰ্ণিমা ৰাতি।
মনত পৰেনে প্ৰিয়া
তাহানি দ্বাপৰ যুগৰ কথা
জোনাকৰ ৰাতি
দ্বাৰকা নগৰীত
তোৰে মোৰে
লীলা-খেলা।
অ’ প্ৰিয়া অ’ প্ৰিয়া
তয়ে ময়ে
আধুনিক যুগৰ
কৃষ্ণ-ৰাধা।
নন্দেশ্বৰ মিলি