মই বেশ্যা নহয় ( এগৰাকী নাৰীৰ মনৰ কথা ) – সঞ্জীত দাস , পাটাছাৰকুছি

মই বেশ্যা নহয় ( এগৰাকী নাৰীৰ মনৰ কথা )

এক

ৰাতি পুৱাৰ বৰষুণজাক আহি আছে। দুই ঘণ্টা হ’ল এতিয়াও কমা নাই বৰষুণৰ গতি। মই, মোৰ ৰুম খিৰিকিখন জপাই দিলো। বৰষুণৰ লগত বতাহো বলিছে সেই গতিকে বৰষুণবোৰ বতাহত উৰি আহি খিৰিকিৰে ৰুমৰ ভিতৰত পৰিছে। মোৰ ফোন বাজি আছে। মই ধৰা নাই। কেনেকৈ ধৰো বাৰু ফোনটো। সেই একেই কথা আজি , সন্ধিয়া আহিবা …। মোৰ মন হৈছে । টেনচন নকৰিবা এক ঘণ্টাত দুশ টকা দিম ।
কেতিয়াবা এনেকুৱা লাগে, নাৰী হৈ ভুল কৰিলো নেকি? পুৰুষ হোৱা হেতেন ভাল আছিল । নাৰীৰ স্বাধীনতা নাই । নাৰীয়ে যদি বেয়া কৰ্ম কৰে সমাজে বিভিন্ন নামেৰে নামাকৰণ কৰে কলংকিতা বেশ্যা ইত্যাদি ইত্যাদি । সমাজে কি বুজিব নাৰীৰ এগাকীৰ মনত কিমান বেদনা লুকাই থাকে। নাৰীয়ে স্বাধীনতা বিচাৰে। কিন্তু ….।
বেছিকৈ বাজি থকাত ফোনটো ৰিচিভ কৰিলো।
সেইফালৰ হাঁহিৰ এটা চিনাকি মাত নম্বৰটো save নাই মোৰ মোৱইলত ।মাতটো চিনাকি যেন লাগিলেও কোনে ফোন কৰিছে ধৰিব পৰা নাই । মই একো নোকোৱা দেখি সেইফালৰ ক’লে
— কি আজি আহিবা নে ?
মই বিৰক্তি লগাৰ সত্তেও ক’লো
— ক’লৈ যাম ?
— আজি আমাৰ ঘৰলৈ আহিবা। পৰিবাৰে ঘৰত নাই। মই কোন চিনি পাইচা নে তুমি।
— কিন্তু আপুনি কোন হয় ? মই চিনি পোৱা নাই।
—- মোক চিনি পোৱা নাই ?
হাঁহি দিলে । হাঁহি হাঁহি ক’লে
— মই আকৌ। ধৰিব পৰা নাই নেকি?
মোৰ খংটো অলপ বেছি। সৰুৰে পৰা এইবোৰ দেখি আহিছো। এইবোৰৰ প্ৰতি মোৰ একেবাৰে ইচ্ছা নোহোৱা হৈছে। কিন্তু কি কৰিম পেটৰ তাড়নাত কৰিবলৈ অবাধ্য হ’লেও যেন কোনো উপায় নাই। কাম বিচাৰি গ’লেও মানুহে কাম নিদিয়ে। এইবোৰ নকৰিলে কেনেকৈ জীয়াই থাকিম।
মই খংৰে ক’লো —-
— কোন হয় আপুনি মই…. আপোনাক চিনি পোৱা নাই বুলিছো আৰু আপুনি কি লেহেমীয়াই আছে ।

মোৰ খং উঠা দেখি সেইফালৰ পৰা গহীনাই ক’লে
—- তুমি মোক সচাঁকৈ চিনি পোৱা নাই ।
— এবাৰ ক’লে বুজি নাপায় নেকি ?
— মই , অজিত চলিহা।
— ওহোঁ আপুনিহে । ইমান সময় কিয় কোৱা নাছিল। বাৰু কেতিয়া যাম ?
— সন্ধিয়া আহিবা ?
— ঠিক আছে ।
মই ফোনটো কাটি দিলো ।
মোৰ হাঁহি উঠিল। এজনী ছোৱালী আৰু নিজৰ ঘণীয়েক থকা সত্তেও মোৰ নিচিনা নাৰীৰ সান্নিধ্য বিচাৰে । সমাজে এইবোৰ মানুহক দোষ নিদিয়ে। দোষ দিব আমাক , অসহায় হৈ থকা নাৰী কেইজনক । সমাজত নাম আছে সিহঁতৰ সেইবাবে সিহঁতৰ গাত দাগ নাই । আমি দুখীয়া , নাম নাই , আমাক চিনি নাপাই সেই গতিকে আমি বেশ্যা কলংকিতা । নিজকে নিজে হাঁহি উঠে সমাজৰ এই স্বৰূপ দেখি ।
চাও বাৰু..! এদিন মই বুজাই দিম যে নাৰী কলংকিতা হ’লেও বেশ্যা নহয় । সমাজে যিমান নকলেও এগৰাকী নাৰীয়ে বেশ্যা হ’ব কেতিয়াও নিবিচাৰে । মইয়ো নিবিচাৰো কেতিয়াও ।
মোৰ ভাৱৰ যবনিকা পৰিল । বাহিৰত হুলুস্থুল , মই খিৰিকি খনৰে চালো এজনী সৰু ছোৱালী বৰষুণত তিতি-বুৰি কান্দি আছে ফুটপাঠৰ ওপৰত । কিন্তু কি হৈছে ছোৱালীজনীৰ । মই কিছুসময় ছোৱালীজনীৰ ফালে চাই থাকিলো। এজন মানুহে ছোৱালীজনীক নিবলৈ চেষ্টা কৰি আছে কিন্তু ছোৱালীজনী যোৱা নাই । মোৰ ছোৱালীজনীক দেখি বহুত বেয়া লাগিল ।। ছোৱালীক মই মোৰ ৰুমলৈ আনো বুলি গেটৰ সন্মুখ পালো। আৰু দেখিলো ছোৱালী তাত নাই । মানুহজনে লৈ গ’ল হ’বলা । মই ৰাস্তাৰ চাৰিওফালে চালো কিন্তু কোন ফালে গ’ল নেদেখিলো ।

এয়াই জীৱন । জীৱনৰ সংজ্ঞা । কোনে পিনে গতি কৰে ধৰিব পৰা টান। বাৰু বৰষুণ কমিছে যেতিয়া মই দুপৰীয়া ভাত খিনি বানাও । তাৰপাছত সন্ধিয়াটো কাৰোৱাৰ জীৱনৰ লালসা পুৰাৱলৈটো যাবলৈ আছেই। মই পলম নকৰি ৰান্ধনিঘৰত সোমলো।

লিখক :- সঞ্জীত দাস , পাটাছাৰকুছি