“মই এটা বেয়া ল’ৰা”— জ্যোতিৰ্ময় শৰ্মা

pc-speeli

“মই এটা বেয়া ল’ৰা”

মই এটা বেয়া ল’ৰা
গুটখা আৰু চিগাৰেট খোৱা
দিনৰ দিনটো মোবাইল টিপা
গধূলি হ’লে আদ্দা মাৰা
ৰাতি আকৌ মদ খোৱা
দেৰিকৈ ঘৰ সোমোৱা
ঘৰ খনৰ আৱৰ্জনা
মই এটা নষ্ট ল’ৰা ।
দেউতাই সদায় বুজাইছিল
ভাল মানুহ হ বুলি
মই নিদিলো কাণ সাৰ
স্ফূৰ্তি কৰি ঘুৰিম বুলি
এতিয়া হে গম পাইছো
সময়বোৰ যে এনে খেদাইছো
দেউতাই সদায় ঠিকেই কৈছিল
এদিন নিজে পষ্টাবি বুলি
তেতিয়া কথা নুশুনিলো
আজি সঁচাই পষ্টাই মৰিছো
কিয় বাৰু নুবুজিলো
নিজৰ জীৱনটো নিজে খালো ।।
— জ্যোতিৰ্ময় শৰ্মা