মই এটা নষ্ট ল’ৰা-আবু জাফৰ

Pc-pexels
মই এটা নষ্ট ল’ৰা

আবু জাফৰ
দৰং (বৰঝাৰ)
মই হেনো এটা নষ্ট ল’ৰা
হাঃ হাঃ হাঃ নষ্ট ল’ৰা
নষ্ট , অভদ্র, মূৰ্খ ল’ৰা
যদি মই মূৰ্খ ,অভদ্ৰ
বদনামী কৰিছা মূৰ্খ বুলি
তেতিয়াহ’লে শুনা
এই মূৰ্খতা, ভদ্ৰতাহীনতাৰ আঁৰৰ
মজাৰ কাহিনী
মুখ খোলোনে অভদ্ৰতাৰ কাহিনী বখানিবলৈ
হাঃ হাঃ হাঃ ,
মই হেনো এটা নষ্ট ল’ৰা
হুঃ..
তুমি কি জানিবাহে ভদ্ৰতা কি
সমাজ কি, সন্তান কি
কেনেকৈনো বুজিবা মানুহৰ প্ৰকৃত মূল্য
তুমি বুজি নোপোৱা
কাৰণ তুমি এই দায়িত্বৰ পৰা চিৰমুক্ত
বহল আকাশত ডেউকা প্ৰসাৰি মতলীয়া প্ৰেমিক
সহযাত্ৰী, সমকক্ষ মাংসলোভী
তুমিওতো কম অভদ্ৰ নোহোৱা না
 ভদ্ৰতাৰ কামিজ পিন্ধি
নিজক লুকুৱাই গপতে উফন্দি ফুৰিছা
মুখ বন্ধ কৰি শুনি থাকিবৰ কি গৰজ
আপুনিও কৈ যাওঁকনা !!
ক’লা অধ্যায়ৰ লেতেৰা পৃষ্ঠাৰ সেই চেকা লগা কাহিনীবোৰ
আৰে ভাই তুমি ক’লা বুলিয়েই মই অভদ্ৰ হৈ নাযাওঁ না
উপযুক্ত প্ৰমাণ দিয়া…!!
মুখৰ কথাত কোনে বিশ্বাস কৰে
কথা দিছোঁ, ৰাজহুৱাকৈ খুলিবা ভুৱা নকাব
এতিয়াও কোৱাৰ সাহস আছেনে মই নষ্ট ল’ৰা
পাৰিবানে কোৱা,কোৱা,
মই যে এটা সঁচাই নষ্ট ল’ৰা ।