মই একবিংশ শতিকাৰ প্ৰবক্তা- পুলিন ডেকা

pc Scholarship Positions

মই একবিংশ শতিকাৰ প্ৰবক্তা

পুলিন ডেকা

মই থমকি ৰৈছোঁ মোৰ ভাগ্যলিপিৰ সোঁতত
ক্লান্ত কল্লোল, নিৰৱধি ছাঁৰ দৰে সিক্ত সোঁৱৰণ
দেউলীয়া উশাহত উৎকীর্ণ গোন্ধ বিয়পিছে
চৌপাশৰ বৰণ সলাই উভতি অহা বতাহজাকৰ সৈতে
মোৰ প্রথম সাক্ষাৎকাৰ
জীৱনৰ সংজ্ঞা নে কথোপকথনৰ কিছু শব্দকে
আওৰাই অনৰ্গল গাইছোঁ
আশা, নিৰাশৰ কিছু সুৰধ্বনি

জীৱনৰ সকলো পথকেই সুন্দৰ কৰি ৰাখিবলৈ মানুহ
অসমর্থ, এয়া আপ্তবাক্য নহ’বও পাৰে
ভাগ্যৰ লিখন খণ্ডন কৰিবলৈ মই পাহাৰ বগাইছোঁ
তেজৰ ঢেঁকুৰাত ধোঁৱাই দিছো একাঁজলি অনুভৱ
ভাগ্যৰ ৰেখাত অৱগহন কৰা সকলকো সুধিছো
নিয়তিৰ পৰিহাস কিমান কঠোৰ

মোৰ কিবা অমোঘ শক্তি আছে নে নাই নাজানো
বুকুৰ থাপনাত আলফুলে সাঁচি ৰাখিছোঁ
এধানি উদ্যম, পোৰা মাটিৰ গোন্ধ
লুণ্ঠিত সময়ৰ বহু গভীৰতা
কাৰ উশাহৰ সমীৰণত ডুবি থাকিবলৈ থমকি ৰৈছোঁ
শংকাবিহীন দিনৰ সুখৰ সংজ্ঞাৰ দিবাস্বপ্নত মই নিজেই আলহী হৈ পৰিছোঁ
বৰ সুৰসুৰীয়া আলিবাটত গহীন বনৰ চিঞৰ শুনিছোঁ
ভোকাতুৰ শিশুৰ হাঁহিক পান কৰি নীলকণ্ঠ হোৱা দিনবোৰে
মোৰ সন্মুখতে উতলে, অথচ মই নির্বিকাৰ, নিৰাকাৰ
যেন একবিংশ শতিকাৰ মই এজন প্ৰবক্তা
কাৰণ প্ৰতিদিনে কুঁৱলীয়ে আৱৰি ৰখা আবুৰত সংগোপনে
জীয়াই ৰাখোঁ কাৰোৱাৰ স্বপ্ন-দুঃস্বপ্নৰ এখন খিৰিকী।