ভৰলু নৈখনি নিয়মীয়াকৈ নিষ্কাশন আৰু খনন কৰাৰ দাবী জনাইছে গুৱাহাটী মহানগৰ উন্নয়ন সমিতিয়ে

pc Gaon Connection English

ভৰলু নৈখনি নিয়মীয়াকৈ নিষ্কাশন আৰু খনন কৰাৰ দাবী জনাইছে গুৱাহাটী মহানগৰ উন্নয়ন সমিতিয়ে

অনলাইন বাৰ্ত্তাসেৱা – মহানগৰীৰ জমা পানী ওলাই যাব পৰা ভৰলু নৈখনি নিয়মীয়াকৈ নিষ্কাশন আৰু খনন কৰাৰ দাবী জনাইছে গুৱাহাটী মহানগৰ উন্নয়ন সমিতিয়ে। মহানগৰ উন্নয়ন সমিতিৰ সম্পাদক বীৰেন শৰ্মাই কয় যে নৈখনি নিয়মীয়াকৈ নিষ্কাশন আৰু খনন নকৰাৰ ফলত নৈখনিত গেলিপচি যোৱা আৱৰ্জনাই দুর্গন্ধৰ সৃষ্টি কৰাৰ লগতে নৈৰ পানী ভয়াৱহভাৱে প্ৰদূষিত কৰিছে। তদুপৰি নৈখনি পূর্বতকৈ বাম হৈ পৰাৰ ফলত নৈখনিৰ বহন ক্ষমতা হ্রাস পাইছে। যাৰ ফলত বাৰিষা মহানগৰীৰ জমা পানী ওলাই যোৱাত বাধাপ্রাপ্ত হৈ পৰাৰ ফলত এজাক বৰষুণৰ পানীয়ে জলমগ্ন কৰি তোলে মহানগৰীৰ বিভিন্ন অঞ্চল ৷ সেয়েহে শীঘ্ৰে ভৰলু নৈখনি নিষ্কাশন আৰু খনন কৰাৰ বাবে দাবী জনায় সম্পাদকগৰাকীয়ে । প্রণিধানযোগ্য যে মহানগৰীৰ একাংশ নাগৰিকে নিতৌ সৃষ্টি হোৱা ঘৰুৱা আৱৰ্জনা ভৰলু নৈত নিষ্কাশন কৰাৰ ফলত গেলি পচি যোৱা আৱৰ্জনাই অঞ্চলটোৰ বায়ু পানী প্ৰদূষিত কৰি আহিছে। তদুপৰি গেলি পচি যোৱা আৱৰ্জনাৰ পৰা নিৰ্গত দুৰ্গন্ধৰ বাবে নৈখনিৰ দাঁতিৰে যোৱা পথচাৰীয়ে নাক মুখত কাপোৰৰ সোপা দিহে যাতায়াত কৰিব লগা হয়। আনহাতে নৈখনিক একাংশ লোকে ডাষ্টবিনলৈ পর্যবসিত কৰাত নৈখনি বাম হৈ পৰিছে। ফলত নৈখনিৰ বহন ক্ষমতা হ্রাস পোৱাৰ ফলত বাৰিষা মহানগৰীৰ জমা পানী ওলাই যোৱাত বাধাপ্রাপ্ত হয়। যাৰ বাবে বাৰিষা এজাক বৰষুণতে জলমগ্ন হৈ পৰে ৰাজধানী মহানগৰীৰ বহু অঞ্চল।

(UD.)